গুৰুজনাৰ জন্ম তিথিত কলিয়াবৰত দ্ৰৌপদীৰ সয়ম্বৰ - GURU JAYANTI AT KALIABOR
🎬 Watch Now: Feature Video


Published : Oct 13, 2024, 10:22 AM IST
কলিয়াবৰ, 13 অক্টোবৰ: কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ উদ্যোগত আৰু শ্ৰীশ্ৰী জখলাবন্ধা সত্ৰৰ ব্যৱস্থাপনাত ৫৭৬ সংখ্যক গুৰু আবিৰ্ভাৱ মহোৎসৱৰ সামৰণী ৷ অন্তিম অনুষ্ঠান 'দ্ৰৌপদীৰ সয়ম্বৰ' ভাওনাত উপস্থিত থাকি গুৰুজনাৰ অৱদানক সোঁৱৰণ কৰে শ্ৰীশ্ৰীবালি সত্ৰৰ ডেকাসত্ৰীয়া তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই । মন্ত্ৰী মহন্তই অসমৰ জাতীয় জীৱনক চহকী কৰি থৈ যোৱা ক্ষণজন্মা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক স্মৰণ কৰি গুৰুজনাৰ অনবদ্য অৱদানসমূহ চৰ্চা আৰু প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত সত্ৰসমাজক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । এই অনুষ্ঠানতে কলিয়াবৰৰ শ্ৰীশ্ৰীবাকৰীয়াল সত্ৰৰ সত্ৰাধিকাৰ, শিক্ষাসেৱী প্ৰভাত চন্দ্ৰ গোস্বামী আৰু শ্ৰীশ্ৰী জখলাবন্ধা সত্ৰৰ পৰিচালক সত্ৰীয়া ফটিক ভঁৰালীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । ভাৰতীয় জনতা পাৰ্টিৰ নেতা দিপ্লুৰঞ্জন শৰ্মায়ো ভাওনা অনুষ্ঠানত উপস্থিত থাকি গুৰুজনাই অসমীয়া সমাজলৈ আগবঢ়োৱা মহান অৱদানক স্মৰণ কৰে ।
লগতে পঢ়ক: ৰাজ্যজুৰি শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথি পালন