খবৰ ওলোৱা নাই ৰমেন বৰুৱাৰ: কন্যা বৰ্ণিকাক তলব লতাশিল আৰক্ষীৰ, চলাব জেৰা - RAMEN BARUAH MISSING - RAMEN BARUAH MISSING

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 1:11 PM IST

গুৱাহাটী, 24 জুলাই: বৰেণ্য শিল্পী ৰমেন বৰুৱাৰ নিৰুদ্দেশ আজি তৃতীয়টো দিন ৷ ইতিমধ্যে 48 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো শিল্পীগৰাকীৰ কোনো শুংসূত্ৰ লাভ কৰা নাই পৰিয়াল তথা আৰক্ষীৰ লগতে অভিযানকাৰী দলে ৷ ইতিমধ্যে এগৰাকী সাংবাদিকৰ এটা বহুচৰ্চিত ভিডিঅ’ প্ৰকাশৰ পিছতে এই ঘটনাই নতুন মোৰ লৈছে ৷ ৰমেন বৰুৱাৰ নিৰুদ্দেশক কেন্দ্ৰ কৰি উত্থাপিত হৈছে বহু প্ৰশ্ন, বহু অভিযোগ ৷ উত্থাপিত অভিযোগ অনুসৰি, নিজ ঘৰতে নিৰ্মম অত্যাচাৰৰ সন্মুখীন হৈছিল শিল্পীগৰাকী ৷

যাৰ বাবে মহানগৰৰ লতাশিল আৰক্ষীয়ে তলৱ কৰিছে শিল্পীগৰাকীৰ জীয়ৰী বৰ্ণিকা বৰুৱাক ৷ আৰক্ষীৰ নিৰ্দেশ অনুসৰি, বুধবাৰে পুৱা লতাশিল থানাত উপস্থিত হয় বৰ্ণিকা বৰুৱা ৷ অৱশ্যে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে ৰমেন বৰুৱাৰ জীয়ৰীয়ে ৷ পিতৃৰ নিৰুদ্দেশ সন্দৰ্ভত বৰ্ণিকা বৰুৱাক জেৰা চলাব মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ৷

অসমৰ এগৰাকী স্বনামধন্য শিল্পীৰ নিৰুদ্দেশৰ পিছত কন্যাক আৰক্ষীয়ে জেৰা কৰাৰ ঘটনাই বহন কৰিছে বিশেষ তাৎপৰ্য ৷ ইপিনে জ্যেষ্ঠ ভাতৃৰ নিৰুদ্দেশৰ সন্দৰ্ভত পোনপ্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিছে দ্বীপেন বৰুৱাই ৷

লগতে পঢ়ক: এতিয়াও সন্ধান নাই ৰমেন বৰুৱাৰ: স্নিফাৰ ডগৰ সহায়ত যশস্বী শিল্পীগৰাকীৰ সন্ধানত অভিযান - Ramen Baruah missing

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.