বহুত সোনকালে ৰকিবুলৰ গাড়ীৰ তেল শেষ হ’ব : বদৰুদ্দিন আজমল - Lok Sabha Election Results 2024

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 1:45 PM IST

thumbnail
সাংসদ বদৰুদ্দিন আজমলৰ ভাষ্য (etv bharat assam)

গোৱালপাৰা, 4 জুন : সন্ধিয়ালৈ ভাগ্য নিৰ্ণয় হ’ব বহু ৰথী-মহাৰথীৰ ৷ দেশৰ নিৰ্বাচন আয়োগে জাৰি কৰা তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে চলি আছে ভোটগণনা ৷ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ মাজৰ কিছু সংখ্যক উপস্থিত হৈছে ভোটগণনা কেন্দ্ৰসমূহত ৷

লোকসভা নিৰ্বাচনৰ ফলাফলৰ লাইভ আপডেটৰ বাবে ক্লিক কৰক-  https://www.etvbharat.com/as/!elections/lok-sabha-election-results-2024

গোৱালপাৰা জিলা আয়ুক্ত ভোটগণনা কেন্দ্ৰত উপস্থিত হয় ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল । আজমলে সাংবাদিকৰ আগত ধুবুৰীত তেওঁ নিশ্চিতভাৱে জয় লাভ কৰিব বুলি মন্তব্য কৰে । তেওঁ লগতে উল্লেখ কৰে যে এইবেলি ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজে AIUDF দলক ভোট দিছে । কিন্তু ঠাই বিশেষে কংগ্ৰেছে AIUDF ত কৈ আগবাঢ়ি আছে । কিন্তু এইটো নহয় যে ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছ জিকিব । ধুবুৰীত কেৱল AIUDF দল জিকিব বুলি দাবী কৰে তেওঁ । উল্লেখ্য যে, ধুবুৰী লোকসভা সমষ্টিত নৱম ৰাউণ্ডলৈকে AIUDF দলতকৈ কংগ্ৰেছৰ ৰকিবুল হুছেইন ৩১০৮৭ টা ভোটত আগবাঢ়ি আছে ।

লগতে পঢ়ক : নিৰ্বাচনৰ ফলাফলক লৈ কিমান আশাবাদী অসমৰ প্ৰাৰ্থীসকল - Lok Sabha Election Results 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.