পিপিচি অনুমোদিত দৰৱ ব্যৱহাৰ কৰিবলৈ আহ্বান ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ - Small Tea Farmers - SMALL TEA FARMERS

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 2:11 PM IST

মৰাণ, ১৮ জুন : মৰাণৰ ৰাংচালিত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ মৰাণ আঞ্চলিক সমিতি আৰু চাহ ব'ৰ্ডৰ ডিব্ৰুগড় জিলা সমিতিয়ে মঙলবাৰে নিষিদ্ধ কীটনাশকৰ বিৰুদ্ধে এক সমদল উলিয়ায় । আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহে ফেৰ মাৰিব পৰাকৈ প্ৰতিযোগিতামূলকভাৱে গুণগত চাহ উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে ।

কেঁচা চাহপাতত ৰাসায়নিক পদাৰ্থৰ সংমিশ্ৰণৰ গইনা লৈ ৰাজ্যৰ কলঘৰ সমূহে ১ জুনৰ পৰা কেঁচা চাহপাত লোৱা বন্ধ কৰিছে । ইয়াৰ পাচতে ৰাজ্যখনৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে ।

অসম বটলিফ চাহ নির্মাতা সন্থাই ক্ষুদ্র চাহ খেতিয়কসকলৰ কেঁচা চাহপাত ক্রয় কৰাৰ ক্ষেত্ৰত চৰ্ত বান্ধি দিয়াৰ পিছতে যেন মানসিকতা সলনি হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ । মঙলবাৰে মৰাণৰ ৰাংচালিত প্ৰায় ৩০ খন গাঁৱত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা মৰাণ আঞ্চলিক সমিতি আৰু চাহ ব'ৰ্ডৰ ডিব্ৰুগড় জিলা সমিতিয়ে এক সজাগতা ৰেলী উলিয়ায় । 

নিষিদ্ধ কীটনাশকৰ ব্যৱহাৰ বন্ধ কৰাক লৈ উলিওৱা এই ৰেলীত অৰ্ধ শতাধিক ক্ষুদ্ৰ চাহ খেতিয়কে অংশগ্ৰহণ কৰে । পিপিচি অনুমোদিত দৰৱ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈ সন্থাই সকলোকে আহ্বান জনাইছে । এই ৰেলীত অংশগ্ৰহণ কৰি ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ নেতৃত্বই ইয়াৰ পৰৱৰ্তী পৰ্যায়ত দোকানে দোকানে গৈ নিষিদ্ধ কীটনাশকৰ বিৰুদ্ধে অভিযান চলাব বুলি কয় । তেওঁলোকে কীটনাশক বিক্ৰী কৰা ব্যৱসায়ীসকলক নিষিদ্ধ কীটনাশক‌ বিক্ৰী নকৰিবলৈ আহ্বান জনায় । 

লগতে পঢ়ক:বটলিফ ফেক্টৰীয়ে নলয় কেঁচা চাহপাত : আন্দোলনৰ হুংকাৰ আটাছুৰ - Assam Tea Industry

সংকটত চাহ উদ্যোগ; বটলিফ ফেক্টৰীৰ সিদ্বান্তত ক্ষুব্ধ ক্ষুদ্ৰ চাহ খেতিয়ক - Shut down tea leaf factories

১ জুনৰ পৰা বটলিফ ফেক্টৰীয়ে নলয় চাহপাত; চিন্তাত ক্ষুদ্ৰ চাহ খেতিয়ক - Small Tea Farmers

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.