কে চি দাস কমাৰ্চ কলেজত দুৰ্যোগ সজাগতাৰ প্ৰশিক্ষণ কাৰ্যসূচী - Awareness program - AWARENESS PROGRAM
🎬 Watch Now: Feature Video


Published : May 29, 2024, 10:16 PM IST
গুৱাহাটী, 29 মে’: কে চি দাস কমাৰ্চ কলেজ আৰু চিভিল ডিফেন্সৰ উদ্যোগত আৰু গুৱাহাটী পৌৰ নিগমৰ সহযোগত বুধবাৰে কে চি দাস কমাৰ্চ কলেজত ভূমিকম্প বা জুই লগা আৰু হৃদযন্ত্ৰজনিত সমস্যা আৰু দুৰ্যোগৰ পৰা কেনেকৈ বাচিব পাৰি সেই সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে শিক্ষাৰ্থী আৰু স্থানীয় লোক ৷ প্ৰশিক্ষণ কাৰ্যসূচীত কে চি দাস কমাৰ্চ কলেজৰ অধ্যক্ষ ড° হৃষীকেশ বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰে ৷
প্ৰাক্তন সাংসদ ৰমেন ডেকা মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভূমিকম্প আৰু আকস্মিক দুৰ্যোগৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি সেই সন্দৰ্ভত বক্তব্য আগবঢ়ায় ৷ গুৱাহাটী পৌৰ নিগমৰ 18 নং ৱাৰ্ডৰ পাৰিষদ শংকৰ চক্ৰৱৰ্তী, গুৱাহাটী মহানগৰৰ চিভিল ডিফেন্সৰ ডেপুটি কন্ট্ৰ’লাৰ জলেশ্বৰ ডেকায়ো অংশগ্ৰহণ কৰে অনুষ্ঠানটোত ।
এপাৰ্টমেণ্ট নতুবা কেবামহলীয়া বিল্ডিঙত থকা লোকসকলে আকস্মিক দুৰ্যোগৰ সন্মুখীন হ’লে কেনেকৈ দুৰ্যোগৰ পৰা ৰক্ষা পাব পাৰে সেই সন্দৰ্ভত আজিৰ কাৰ্যসূচীত প্ৰশিক্ষণ প্ৰদান কৰা হয়।
লগতে পঢ়ক: ৰেমলৰ ত্ৰাস: বিদ্যালয়গৃহৰ ওপৰত বাগৰি পৰিল গছ - Cyclone Remal effect