কৰ্মসংস্থাপনৰ বিচাৰি গৈ সন্ধানহীন চিচিবৰগাঁৱৰ অতুল দেউৰী - Missing case

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 5:11 PM IST

thumbnail
কৰ্মসংস্থাপনৰ বিচাৰি গৈ সন্ধানহীন (ETV Bharat Assam)

জোনাই,২ জুলাই: কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱাৰ পথত নিৰুদ্দেশ চিচিবৰগাঁৱৰ ধুনাগুৰি দেউৰী গাঁৱৰ এজন ব্যক্তি । জানিব পৰা মতে যোৱা ২৬ জুনত নিজ ঘৰৰ পৰা অতুল দেউৰী নামৰ ব্যক্তিগৰাকী একেখন গাঁৱৰে এগৰাকী বন্ধুৰ সৈতে কেৰালালৈ বুলি কৰ্মসংস্থাপনৰ বাবে ওলাই যায় । কিন্তু ৩০ জুনত হঠাৎ বিশাখাপট্টনম ৰে'লৱে ষ্টেচনৰ পৰা নিৰুদ্দেশ হৈ পৰে । এই ঘটনাৰ পিচতে ব্যক্তিজনৰ লগত যোৱা যুৱকজনে পৰিয়ালক খবৰ দিয়াত পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ।  

লগত যোৱা যুৱকজনে পৰিয়ালক সদৰী কৰা অনুসৰি নিৰুদ্দিষ্ট অতুল দেউৰীয়ে ৰে'লৰ ভিতৰত আন এগৰাকী যাত্ৰীৰ সৈতে বহিঃৰাজ্যত তৰ্ক বিতৰ্কত লিপ্ত হৈছিল । এই ঘটনাৰ পিচতে যুৱকজন হঠাৎ নিৰুদ্দেশ হোৱা বুলি পৰিয়ালক অৱগত কৰে লগত যোৱা ব্যক্তিজনে । ইফালে ঘটনাৰ খবৰ পোৱাৰ পিচতে দুৰ্ভগীয়া পৰিয়ালটো কান্দোনত ভাগি পৰি আৰক্ষীৰ কাষ চাপিছে যদিও এতিয়ালৈকে কোনো সন্ধান পোৱা নাই বুলি জানিব পৰা গৈছে । গতিকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ দুৰ্ভগীয়া পৰিয়ালটোৱে অতুল দেউৰীক বিচাৰি উলিয়াই দিবলৈ কাতৰ আহ্বান জনোৱাৰ উপৰিও কোনো সদাশয় ব্যক্তিয়ে যদি নিৰুদ্দিষ্ট ব্যক্তিজনক দেখা পাই তেন্তে ওচৰৰ আৰক্ষী থানা অথবা ৯৬৭৮০৮২৭০৪/৭৮৯৬৯৬২১৬৪ নম্বৰত যোগাযোগ কৰি সন্ধান দিবলৈ কাতৰ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালটোৱে ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.