ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত আটাছুৰ প্ৰতিবাদ - ST status for six communities
🎬 Watch Now: Feature Video


Published : Mar 11, 2024, 4:08 PM IST
তিনিচুকীয়া, ১১ মাৰ্চ: সদৌ টাই আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে আটাছু তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা সমিতিয়ে সোমবাৰে তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰী আটাছু নেতাসকলে টাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে ৷
তেওঁলোকে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে চৰম বঞ্চনা কৰাৰ অভিযোগ কৰে ৷ নিৰ্বাচন পিচতেই এই জনগোষ্ঠীকেইটাক জনজাতিকৰণৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদীত বহা চৰকাৰখনে বৰ্তমান পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আটাছুৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা সমিতিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷
প্ৰতিবাদকাৰীসকলে উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে শাসকীয় চৰকাৰখনক শীঘ্ৰে এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷ অন্যথা আগন্তুক দিনসমূহত বিজেপিৰ বিৰুদ্ধে গাঁৱে-ভূঞে ব্যাপত প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ দিয়ে আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁইয়ে ৷
লগতে পঢ়ক: আহোমসকলক জনগোষ্ঠীকৰণৰ দাবীত আটাছুৰ বাইক ৰেলী