আহোম জনগোষ্ঠীৰ জনজাতিকৰণ-স্বায়ত্তশাসনৰ দাবীত আটাছুৰ প্ৰতিবাদ - আহোম জনগোষ্ঠী
🎬 Watch Now: Feature Video


Published : Feb 20, 2024, 10:04 PM IST
গোলাঘাট, 20 ফেব্ৰুৱাৰী : বিগত নিৰ্বাচনৰ সময়ত আহোম জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়া বেজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে টাই আহোম ছাত্ৰ সন্থা । আহোম জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰি আগন্তুক লোকসভা নিৰ্বাচনত প্ৰত্যুৎত্তৰ দিবলৈ সাজু হৈছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতি ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বাৰে বাৰে আহোম জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ পৰা ফালৰি কাটি অহা কাৰ্যক তীব্ৰ ভাষৰে গৰিহণা দিছে টাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ সভাপতি কৃষ্ণ বৰুৱাই ।
নিৰ্বাচনৰ পূৰ্বে যদি আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷ মঙলবাৰে আটাছুৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত জিলা কাৰ্যালয়ৰ পৰা নগৰৰ মাজমজিয়াৰে এক বিশাল বাইক ৰেলীৰে সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে ৷
লগতে পঢ়ক: খানা খুৱাবলৈ লৈ গ'ল ছাত্ৰীক, শিক্ষকৰ পিঠিত অভিভাৱকৰ চেণ্ডেলৰ কোব