আটাছুৱে ৰাজপথত দাহ কৰিলে জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ প্ৰতিমূৰ্তি - দিছপুৰ আৰক্ষী চকী
🎬 Watch Now: Feature Video


Published : Feb 28, 2024, 2:14 PM IST
শিৱসাগৰ, 28 ফেব্ৰুৱাৰী: আহোম সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাক লৈ ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন দল- সংগঠন । বুধবাৰে শিৱসাগৰৰ দ'লমুখ চাৰিআলিত জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ ভাষাৰে গৰিহণা জনাই আটাছুয়ে ৷ দলটোৰ কৰ্মী বসন্ত গগৈয়ে কয়, "অসম বুলি ক’লেই ছশবছৰীয়া আহোমসকলৰ ৰাজত্বৰ গৌৰৱৰ চানেকি জিলিকি উঠা এখন প্ৰাকৃতিক সম্পদ তথা পৰিৱেশেৰে চহকী দেশৰ কথা মনলৈ আহে । 17 বাৰকৈ মোগলক পৰাস্ত কৰি অসমী আইৰ মান ৰক্ষা কৰা আহোম সন্দৰ্ভত বিতৰ্কিত মন্তব্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় ৷"
আটাছুৱে বৃহস্পতিবাৰে এখন জৰুৰী বৈঠক আহ্বান কৰিছে ৷ আলোচনাত চৰকাৰৰ নীৰৱ স্থিতি সন্দৰ্ভতো আলোচনা কৰা হ’ব বুলি জানিব পৰা গৈছে । লগতে দিছপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পাছতো মনোজ গোস্বামীৰ ক্ষেত্ৰত কিয় কোনো আইনগত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই তাৰ ওপৰতো প্ৰশ্ন তুলিছে প্ৰতিবাদকাৰীয়ে ।
লগতে পঢ়ক: জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ বিৰুদ্ধে ক্ষোভ আটাছুৰ; সোণাৰিত জব্দ আগশাৰীৰ বাতৰি কাকত