thumbnail

এতিয়াৰ পৰা খাৰঘুলি হ’ব জুবিনৰ স্থায়ী ঠিকনা

By ETV Bharat Entertainment Team

Published : 3 hours ago

গুৱাহাটী : সলনি হ’ব সংগীতশিল্পী জুবিন গাৰ্গৰ স্থায়ী ঠিকনা । গুৱাহাটীৰ কাহিলীপাৰাৰ ফ্লেটৰ পৰিৱৰ্তে খাৰঘুলিত স্থায়ীভাৱে বসবাস কৰিব জুবিন গাৰ্গে । জুবিনে খাৰঘুলিত বাসগৃহ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে ৷ 

শুকুৰবাৰে নিশা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে এক অনুষ্ঠানত এই কথা মুকলিকৈ প্ৰকাশ কৰে ৷ বোন্দা চপাইদাঙৰ এক সংগীতানুষ্ঠানত দৰ্শকক উদ্দেশ্যি এই মন্তব্য কৰে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে ।

মহানগৰীৰ বোন্দা চপাইদাং লক্ষ্মী পূজাৰ সোণালী জয়ন্তী বর্ষৰ অনুষ্ঠানলৈ জুবিন গাৰ্গক বিশিষ্ট শিল্পী হিচাপে আমন্ত্ৰণ জনোৱা হয় ৷ এটাৰ পিছত আনটো জনপ্ৰিয় অসমীয়া আৰু হিন্দী গীত পৰিৱেশন কৰি দৰ্শকক মন্ত্ৰমুগ্ধ কৰে জুবিনে । জনপ্রিয় সংগীত শিল্পীগৰাকীৰ গীত শুনিবলৈ অগণন অনুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক : দৰ্শকে ছবিখন চাই ভাল পোৱা বুলি কৈছে: হিমাংশু প্ৰসাদ দাস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.