হাজাৰ হাজাৰ অসমৰ শ্ৰমিকক শ্ৰমকাৰ্ড বিচাৰি হাৰাশাস্তি মেঘালয়ত - Labour harassment in Meghalaya

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 2:02 PM IST

thumbnail
খাছী ছাত্ৰ সন্থাৰ হাৰাশাস্তি (ETV BHARAT ASSAM)

শিলচৰ, ১৬ জুলাই: মেঘালয়ত পুনৰ অসমৰ শ্ৰমিকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ বিগত দুদিনত চুবুৰীয়া ৰাজ্য় মেঘালয়ৰ পৰা ওভতাই পঠিওৱা হৈছে অসমৰ কেইবা হাজাৰ শ্ৰমিকক ৷ শ্ৰমকাৰ্ড (লেবাৰ কাৰ্ড ) বিচাৰি অসমৰ শ্ৰমিকক খাছী ছাত্ৰ সন্থাই হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী শ্ৰমিকসকলে ৷ অসমৰ শ্ৰমিক সকলে মেঘালয়ত কাম কৰিবলৈ এতিয়াৰ পৰা লাগিব শ্ৰমকাৰ্ড ৷  

মেঘালয়ত খাছী ছাত্ৰ সন্থাই হঠাৎ এনে নিৰ্দেশ জাৰি কৰাত হাজাৰ হাজাৰ শ্ৰমিকৰ হাহাকাৰ লাগিছে । যোৱা দুদিনত মেঘালয়ৰ পৰা এই শ্ৰমিকসকলক ওভতাই পঠিওৱাত এতিয়া কামৰ বাবে হাহাকাৰ লাগিছে ৷ অসম- মেঘালয়ৰ সীমান্তৱৰ্তী ৰাতাছড়াৰ ৰাজপথত প্ৰতিখন বাহনত তালাচী চলাই মেঘালয়ত প্ৰৱেশ কৰিবলৈ দিছে খাছী ছাত্ৰ সন্থাই ৷ খাছী ছাত্ৰ সন্থাৰ এনে কাৰ্যকলৈ শ্ৰমিকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।  

Assam Meghalaya border conflict: মেঘালয়ৰ সৈতে সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই পীযুষ হাজৰীকা নেতৃত্বাধীন সমিতিয়ে

পুৰণি পেঞ্চন পলিচি পুনৰ ঘূৰাই অনাৰ দাবীত ৰে'লৱে কৰ্মচাৰীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.