ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰলৈ ভকত-বৈষ্ণৱৰ লানি নিচিগা সোঁত - Holy Bhada month - HOLY BHADA MONTH
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18-08-2024/640-480-22234967-thumbnail-16x9-teok.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Aug 18, 2024, 12:58 PM IST
টীয়ক, 18 আগষ্ট : আজি অসমীয়াৰ পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন । যোৰহাট জিলাৰ পূব প্ৰান্তৰ মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ সমাগম হোৱা পৰিলক্ষিত হৈছে ।
ৰাজ্যৰ প্ৰতিখন সত্ৰ-নামঘৰ সমান্তৰালকৈ শ্ৰীশ্ৰী ঢেকীয়াখোৱা বৰনামঘৰত পুৱাৰে পৰা হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে । প্ৰতিজন ভকত বৈষ্ণৱে ধূপ-দীপ, নৈবেদ্য আগবঢ়াই পৰিয়াল আৰু ৰাজ্যৰ শান্তিৰ কামনাৰে অক্ষয় বন্তিৰ ওচৰত সেৱা লোৱা দেখা গৈছে ৷
উল্লেখ্য যে, ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আয়োজন কৰা মাহজোৰা পালনামত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰে । নিজৰ লগতে পৰিয়ালৰ কুশল মংগলৰ বাবে ঈশ্বৰৰ সেৱা লয় । ইপিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ যাতে এই তীৰ্থস্থানত কোনো অসুবিধা নহয় তাৰ বাবে নামঘৰ পৰিচালনা সমিতিয়ে সুপৰিকল্পিতভাৱে সকলো প্ৰকাৰৰ সু-ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।
ভাদমহীয়া চাৰিপ্ৰসংগীয়া নামৰ নামাচাৰ্য হিচাপে আছে নামাচাৰ্য অৱনী গোস্বামী । লগতে আজি প্ৰথম ভাদৰ দিনা নামঘৰ পৰিচালনা সমিতিয়ে এখনি শৰাই, অক্ষয় বন্তিত তেল আগবঢ়াই সৰ্বাংগীন উন্নয়ন কামনা কৰিছে ।
লগতে পঢ়ক : পবিত্ৰ ভাদ মাহ আৰম্ভ: ভক্তি ৰসত বিলীন সত্ৰ নগৰী মাজুলী - holy Bhada month