2023 বৰ্ষৰ অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান LIVE

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 4:30 PM IST

Updated : Feb 13, 2024, 5:59 PM IST

thumbnail

ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই মঙলবাৰে প্ৰদান কৰে 2023 বৰ্ষৰ অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা । গুৱাহাটীৰ পাঞ্জাবাৰী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় । এই বঁটাৰ বাবে গঠন কৰা বিশেষ কেবিনেট কমিটীৰ সিদ্ধান্ত অনুসৰি অসমৰ সৰ্বোচ্চ বঁটা অসম বৈভৱ বঁটা এইবাৰ আগবঢ়োৱা হয় উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক । অসম সৌৰভ বঁটা আগবঢ়োৱা হ'ব এলভিছ আলী হাজৰিকা, কিষাণ চান্দ নদীয়াল, হিমা দাস আৰু নাদিয়াল দেউৰীলৈ । লগতে ১৭ গৰাকীলৈ আগবঢ়োৱা হয় ‘অসম গৌৰৱ’ বঁটা । দিছপুৰ লোকসেৱা ভৱনত মঙলবাৰে অনুষ্ঠিত এক সংবাদমেলযোগে এই বঁটাসমূহ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

Last Updated : Feb 13, 2024, 5:59 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.