লখিমপুৰত পিষ্টলসহ দুই অৰুণাচলী যুৱক আটক - Detained Arunachalee youth

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 11:03 AM IST

thumbnail
লখিমপুৰত পিষ্টলসহ দুই অৰুণাচলী যুৱক আটক (ETV Bharat Assam)

লখিমপুৰ, ২৭ জুন : বুধবাৰে বিয়লি লখিমপুৰত পিষ্টলসহ দুই অৰুণাচলী যুৱকক স্থানীয় ৰাইজে আটক কৰি গতাই দিয়ে আৰক্ষীক । ধৃত দুই যুৱকৰ পৰা ১৩টা সজীৱ গুলীসহ এটা 7.56 পিষ্টল উদ্ধাৰ আৰক্ষীয়ে ৷ আটকাধীন অৰুণাচলী যুৱকদ্বয় হ’ল নবাম টাকাম আৰু লিচা নিকুম ৷ নবাম টাকামৰ ঘৰ নামনি সোৱণশিৰি জিলাৰ ইয়াজুলীত আৰু লিচা নিকুমৰ ঘৰ পাপুমপাৰে জিলৰ দুইমুখত বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, ধৃত দুই যুৱকে এখন বিলাসী বাহনত আহি হাৰমতীত এখন ফলমূলৰ দোকানত আম কিনিবলৈ আহিছিল ৷ কিন্তু আমৰ দামক লৈ ব্যৱসায়ীজনৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয় যুৱকদ্বয় । আনকি যুৱক দুজনে পিষ্টল উলিয়ায় ব্যৱসায়ীজনক ধমক দিয়ে । এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

তাৰ পাচতে সকলো ব্যৱসায়ী গোট খাই যুৱক দুজনক কৰায়ত্ত কৰি হাৰমতীৰ আৰক্ষীক খবৰ দিয়ে । খবৰ লাভ কৰি উক্ত স্থানত উপস্থিত হৈ হাৰমতীৰ আৰক্ষীয়ে আটক কৰে দুয়ো অভিযুক্তক ৷ জানিব পৰা মতে, যুৱকদ্বয়ে পিষ্টলটোৰ অনুজ্ঞাপত্ৰ আছে বুলি কয় যদিও আৰক্ষীক অনুজ্ঞাপত্ৰ দেখুৱাবলৈ সক্ষম হোৱা নাই ৷

ইতিমধ্যে আৰক্ষীয়ে দুয়ো অভিযুক্তৰ পৰা পিষ্টলটোৰ লগতে ১৩ টা সজীৱ গুলী, দুটাকৈ আইফোন, চি এইচ ০১ চি বি ০০৯১ নম্বৰৰ এখন বিলাসী বাহনো জব্দ কৰে । সম্প্ৰতি লালুক থানাত জেৰা কৰি থকা হৈছে দুই অভিযুক্তক ৷

লগতে পঢ়ক : আৰক্ষী-ডকাইতৰ মাজত গুলীয়াগুলীত আহত এজন, পিষ্টল জব্দ - FIRING incident in Bokakhat

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.