বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগৰ ২০২৪-২৫ বৰ্ষৰ বাজেট ভাষণ LIVE - FM Minister Ajanta Neog

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 12:10 PM IST

Updated : Feb 12, 2024, 3:16 PM IST

গুৱাহাটী,১২ ফেব্ৰুৱাৰী : অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে আজি অসম বিধানসভাত দাখিল কৰিছে ২০২৪-২৫ চনৰ ৰাজ্যিক বাজেট । এই বাজেট তেওঁৰ চতুৰ্থ পূৰ্ণাংগ বাজেট । বিত্তমন্ত্ৰীগৰাকীৰ মতে এই বাজেট বাস্তৱিক বাজেট হ'ব । কিন্তু কি আছে বাজেটত ? এই বাজেটৰ ওপৰত ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে । উল্লেখ্য যে ৰাজ্যিক বিধানসভাৰ বাজেট অধিবেশন ৫ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল আৰু অধিবেশন ২৮ ফেব্ৰুৱাৰীলৈকে চলিব ।

বিগত বছৰ মন্ত্ৰী অজন্তা নেওগে মুঠ ব্যয় আনুমানিক ৩.২১ লাখ কোটি টকাৰ সৈতে বাজেট উত্থাপন কৰিছিল । বাজেট উত্থাপনৰ পূৰ্বে অসম চৰকাৰৰ কেবিনেটে কেইবাখনো নতুন বিধেয়কত অনুমোদন জনাইছে । লোকসভা নিৰ্বাচনৰ পূৰ্বে এই বাজেট বিজেপিৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব বুলিও আশা কৰা হৈছে ।

লগতে পঢ়ক :১৪ ফেব্ৰুৱাৰীতহে ৰজাপুখুৰী শ্যাম গাঁৱলৈ যাব মুখ্যমন্ত্ৰী

Last Updated : Feb 12, 2024, 3:16 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.