ডুমডুমাত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ - Arunachal liquor seized - ARUNACHAL LIQUOR SEIZED
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02-09-2024/640-480-22360204-thumbnail-16x9-assam.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 2, 2024, 10:54 PM IST
তিনিচুকীয়া, ২ ছেপ্টেম্বৰ: ৰাজ্যত শেহতীয়াকৈ বিলাতী সুৰা আৰু বিয়েৰৰ মূল্য হ্ৰাস পোৱাৰ পাছতো অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলত এতিয়াও অব্যাহত আছে অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা ৷ তেনে এক অবৈধ সুৰাৰ বেহাৰ বিৰুদ্ধে ডুমডুমা আৰক্ষীয়ে আজি বিশেষ খবৰৰ ভিত্তিত অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰে ৷ ডুমডুমা আৰক্ষীয়ে অভিযানৰ সময়ত অবৈধ সুৰাৰ সৰবৰাহত জড়িত থকাৰ সন্দেহত এজন লোককো আটক কৰে ৷
ডুমডুমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে সদৰী কৰা অনুসৰি, ধৃত সৰবৰাহকাৰীটো কৃষ্ণা পাত্ৰ ৷ বিগত দিনসমূহত কৃষ্ণা পাত্ৰই অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলাই আহিছিল ৷ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা চোৰাংকৈ অৰুণাচলী সুৰাখিনি সৰবৰাহ কৰি ডুমডুমাৰ একাংশ ধাবাত বিক্ৰী কৰি আহিছিল ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে সুৰাখিনি আবকাৰী বিভাগক চমজাই দিয়াৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷
লগতে পঢ়ক: অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীত জব্দ অবৈধ সুৰাভৰ্তি ট্ৰাক - Liquor seized in Merapani