নৈপৰীয়া নহ’লেও বানৰ কবলত সৰ্বসাধাৰণ - Artificial Flood

By ETV Bharat Assamese Team

Published : May 27, 2024, 9:18 PM IST

thumbnail
এজাক বৰষুণতে বুৰিল সৰুপথাৰ পৌৰসভাৰ 9 নং ৱাৰ্ড (ETV BHARAT ASSAM)

সৰুপথাৰ, 27 মে’ : সাধাৰণ এজাক বৰষুণতে বুৰিল সৰুপথাৰ পৌৰসভাৰ 9 নং ৱাৰ্ডৰ পথ ৷ সোমবাৰে পুৱতি নিশা হোৱা বৰষুণজাক বিশেষ ডাঙৰ নাছিল যদিও এতিয়া পানীৰ তলত সাধাৰণ লোকৰ বাসগৃহ ৷  

অভিযোগ অনুসৰি পৌৰসভাৰ অকৰ্মণ্যতাৰ বাবে 9 নং ৱাৰ্ডৰ নাহৰণি (গ্ৰেজিং)ৰ মূল পথৰ লগতে মানুহৰ ঘৰ এতিয়া কৃত্ৰিম বানৰ কবলত ৷ পথটি চতিয়নী হৈ সৰুপথাৰ নগৰ সংযোগী ৷ পথত পানী জমা হোৱাত অসুবিধাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজ ৷  

অৱশ্যে আজি অভিযোগ দিয়াত সৰুপথাৰ পৌৰসভাৰ লোকে নলা-নৰ্দমাসমূহ পৰিস্কাৰ কৰি মোকলাই দিয়াত বৰ্তমান ৰাইজে কিছু সকাহ পাইছে যদিও বাৰীসমূহৰ পৰা পানী ওলাই যোৱা নাই ৷ এনে পৰিস্থিতিত এতিয়া বাৰিষা কালত পুনৰ একেই পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰিছে ৰাইজে ৷ 

লগতে পঢ়ক : প্ৰতি ঘন্টাত 135 কিঃমি বেগেৰে স্থলমণ্ডলত প্ৰৱেশ ৰেমলৰ - Cyclone Remal

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.