সংবিধানৰ ১২৫ সংখ্যক সংশোধনী বিধেয়কৰ বিৰোধিতা জে আই কাথাৰৰ - Constitution 125th Amendment Bill
Published : Jul 25, 2024, 10:09 PM IST
ডিফু, ২৫ জুলাই : ভাৰতীয় সংবিধানৰ ১২৫ সংখ্যক সংশোধনী বিধেয়ক সন্দৰ্ভত APHLC সভাপতি জে আই কাথাৰৰ সংবাদমেল ৷ উল্লেখ্য যে ১২৫ সংখ্যক সংশোধনী বিধেয়ক চলিত বাজেট সংসদৰ অধিৱেশনতে ৰাজ্যসভাত উৎত্থাপন কৰা হ’ব ৷
সংবিধানৰ ১২৫ সংখ্যক সংশোধনী অনুসৰি ভাৰতীয় সংবিধানৰ ২৭৫ অনুচ্ছেদ বাতিল কৰি ২৮০ অনুচ্ছেদত অন্তৰ্ভুক্ত কৰা হ’ব ৷ সংবিধানৰ ২৭৫ নং অনুচ্ছেদত স্বায়ত্তশাসিত পৰিষদৰ কথা, স্বায়ত্তশাসিত ৰাজ্যৰ কথা আছে ৷ ২৮০ নং অনুচ্ছেদত গাঁও পঞ্চায়ত, নগৰ সমিতি বা পৌৰ সভাৰ ক্ষমতা পুঁজি আদিৰ কথা আছে ৷
চৰকাৰে স্থানীয় স্বায়ত্তশাসনৰ সকলো কথা এতিয়া সংশোধন কৰি ২৮০ নং অনুচ্ছেদত অন্তৰ্ভুক্ত কৰিবলৈ বিচাৰিছে ৷ এই সংশোধনী বিধেয়ক লোকসভা আৰু ৰাজ্যসভাত গৃহীত হ’লে আইনত পৰিণত হ’ব আৰু তেতিয়া সেই অনুসৰি পৰিষদলৈ পুঁজি আহিব ৷
কিন্তু স্বায়ত্তশাসিত পৰিষদৰ এলেকাত পঞ্চায়ত ব্যৱস্থাৰ বিৰোধিতা কৰি আহিছে বিভিন্ন দল-সংগঠনে ৷ বৃহস্পতিবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত চুক্তি কৰা ৬ টা বিদ্ৰোহী সংগঠনৰ নেতাসকলে দিছপুৰত বিষয়টোক লৈ মুখ্যমন্ত্ৰীৰ লগত এক আলোচনা কৰিব ৷ অৱশ্যে তেওঁলোকে নিজৰ এম অ’ এছত থকা ক্ষমতাসমূহ এই সংশোধনীত অন্তৰ্ভুক্ত কৰাক লৈহে কথা পাতিব ৷
ইয়াৰ মাজতে আজি APHLC ৰ নেতা জনচ্ ইংতি কাথাৰে এক সংবাদমেল সম্বোধন কৰি চৰকাৰে পৰিষদৰ ক্ষমতা সংকুচিত কৰাৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগ কৰি ইয়াৰ বিৰোধিতা কৰে ৷
লগতে পঢ়ক : ষষ্ঠ অনুসূচীৰ ১২৫ সংখ্যক সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কংগ্ৰেছৰ