এ পি এইছ এল চিৰ নেতা জন ইংতি কাথাৰে ডিফুত দাখিল কৰিলে মনোনয়ন - Lok Sabha election 2024

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 8:51 PM IST

thumbnail

ডিফু, ৩০ মাৰ্চ: ডিফুত আজি প্ৰথমখন মনোনয়নপত্ৰ দাখিল কৰে এ পি এইছ এল চিৰ নেতা জন ইংতি কাথাৰে ৷ দেশৰ বিভিন্ন সমষ্টিত হা ২৬ এপ্ৰিলত হ’ব লগা লোকসভা নিৰ্বাচনৰ দিনা ৬ নং ডিফু লোকসভা সমষ্টিটো হ’ব ভোটগ্ৰহণ ৷ আজি প্ৰাক্তন আই এ এছ বিষয়া তথা এ পি এইছ এল চিৰ নেতা জন ইংতি কাথাৰে দলীয় সমৰ্থক সকলক লগত লৈ জিলা আয়ুক্ত তথা ৰিৰ্টানিং বিষয়া মধুমিতা ভাগৱতীৰ হাতত মনোনয়নপত্ৰ দাখিল কৰে ৷  

মনোনয়নপত্ৰ দাখিল কৰি এ পি এইছ এল চিৰ নেতা জন ইংতি কাথাৰে কয় যে এইবাৰ তেওঁ ৫ লাখ ভোট লাভ কৰি জয়ী হ’ব ৷ কাৰ্বি, ডিমাছা, তিৱা , কুকি, গাৰো, মানটাই, অসমীয়া, আদিবাসী, বড়োকে ধৰি সকলো খিলঞ্জীয়া লোকে তেওঁক ভোট দিব বুলি এপিএইছএল চিৰ নেতাজনে দাবী কৰে ৷ তেওঁ কয় যে জনতাৰ কাষলৈ তেওঁলোকৰ দলে 'কা' আইনৰ বিৰোধিতা , ইউচিচিৰ বিৰোধিতা কৰা ,সংবিধানৰ ষষ্ঠ অনুসূচীৰ ক্ষমতা ৰক্ষা কৰাৰ লগতে পাহাৰত বসবাস কৰা সকলো খিলঞ্জীয়া লোকৰ অধিকাৰ সুৰক্ষা কৰাৰ ইচ্ছ্য়ু লৈ আগবাঢ়িছে ৷ জনতাই দলটোক অকুন্ঠ সমৰ্থন দিছে বুলিও তেওঁ দাবী কৰে  ৷  

আনহাতে, ডিফু লোকসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী অমৰছিং তিচ’ই অহা ২ এপ্ৰিলত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৪০ হাজাৰ সমৰ্থক লগত লৈ মনোনয়নপত্ৰ দাখিল কৰিব  ৷ ইপিনে, ৩  এপ্ৰিলত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ৰাম ইংলেং , এ এছ ডি দলৰ প্ৰাৰ্থী জৎছন বেয়ে মনোনয়নপত্ৰ দাখিল কৰিব  ৷ গণ সুৰক্ষা পাৰ্টিৰ হৈ বাৰ্ণাড চাংমাই মনোনয়নপত্ৰ দাখিল কৰাৰ কথা আছে যদিও বৰ্তমানলৈকে তেওঁ মনোনয়নপত্ৰ সংগ্ৰহ কৰা নাই ৷

লগতে পঢ়ক:পুনৰ তিনি কংগ্ৰেছ নেতাই যোগদান কৰিলে বিজেপিত - Assam Congress Leader Joins BJP

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.