অতিষ্ঠ গ্ৰাহক: কুঠাৰেৰে কোবাই কোবাই ভাঙি পেলালে স্মাৰ্ট মিটাৰ - Assam smart meter controversy

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 5:44 PM IST

thumbnail
অতিষ্ঠ গ্ৰাহক;কুঠাৰেৰে কোবাই ভাঙিলে স্মাৰ্ট মিটাৰ (ETV Bharat)

গোলাঘাট,৭ ছেপ্টেম্বৰ : কিমান কম কিমান শুনিব স্মাৰ্ট মিটাৰৰ বিড়ম্বনা ! এইবাৰ শুনক গোলাঘাটৰ আখ্যান । বিদ্যুৎ বিভাগৰ কাৰ্যালয়লৈ গ্ৰাহকৰ ফোন । 'ছাৰ আমাৰ লাইট নাই, ঘূৰা নাই ফেন ।' আহিব আহিব..বিভাগৰ বিষয়াৰ সান্ত্বনা । স্মাৰ্ট মিটাৰত প্ৰথমে ১০০, তাৰ পিছত ২০০... ১০০০ টকালৈ ৰিচাৰ্জ কৰিও গ্ৰাহক হায়ৰান । তথাপিও ঘূৰা নাই ফেন । নাই কাৰেন্ট ৷ অৱশেষত পৰশুৰামৰ মূৰ্তি ধৰিলে গ্ৰাহকে । এফালৰ পৰা ভাঙি গ'ল স্মাৰ্ট মিটাৰ । কৈ গ'ল স্মাৰ্ট মিটাৰৰ আখ্যান ।

স্মাৰ্ট মিটাৰে গাঁৱৰ সাধাৰণ লোকক হাৰাশাস্তি কৰাৰ সময়তে গোলাঘাটত এই ঘটনা সংঘটিত হৈছে । স্মাৰ্ট মিটাৰ আৰু বিদ্যুৎ বিভাগৰ লুণ্ঠনত অতিষ্ঠ হৈ গোলাঘাটৰ বাতিপৰিয়াত এজন লোকে কুঠাৰেৰে কোবাই কোবাই ভাঙিলে স্মাৰ্ট মিটাৰ । লোকজনে অভিযোগ কৰা মতে শুকুৰবাৰে নিশা প্ৰায় ১০ মান বজাতে তেওঁ মিটাৰত ৰিচাৰ্জ কৰিছিল । কিন্তু বিদ্যুৎ সংযোগ দিয়া হোৱা নাই ।

গ্ৰাহকজনে অভিযোগ কৰা মতে আগষ্ট মাহত ২০০০ টকাৰ ৰিচাৰ্জ কৰাৰ লগতে চলিত মাহত পুনৰ ১০০০ টকা ৰিচাৰ্জ কৰিছে । কিন্তু প্ৰচণ্ড গৰমত বাৰে বাৰে বিদ্যুৎ সংযোগ কাটি দিছে । সেয়ে অতিষ্ঠ হৈ তেওঁ স্মাৰ্ট মিটাৰটো কুঠাৰেৰে কোবাই কোবাই ভাঙি পেলালে । তেওঁ ক্ষোভ প্ৰকাশ কৰি কয়, "স্মাৰ্ট মিটাৰ ভাঙি গুৰি কৰি দিলো । প্ৰয়োজন হ'লে আন্ধাৰত থাকিম কিন্তু এই স্মাৰ্ট মিটাৰ নালাগে ।"

লগতে পঢ়ক :হিমন্ত মামা আমাৰ বিদ্যালয়খন ৰক্ষা কৰক: শিক্ষাৰ্থীৰ অনুৰোধ - Students Protest

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.