মুখ্যমন্ত্ৰীৰ পৰা কেতিয়াও গঠনমূলক সমালোচনা আশা কৰিব নোৱাৰি : জাকিৰ হুছেইন শিকদাৰ - Lok Sabha elections 2024 - LOK SABHA ELECTIONS 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 9:40 PM IST

শিৱসাগৰ, ৯ এপ্ৰিল : শিৱসাগৰৰ ৰাজীৱ ভৱনত আজি কংগ্ৰেছৰ সংবাদমেল সম্বোধন কৰি দলৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে কয় যে কংগ্ৰেছ ক্ষমতালৈ আহিলে 'কা' বাতিল কৰা হ'ব । তেওঁ পুনৰ কয়,"কংগ্ৰেছে কেতিয়াও 'কা' মানি নলয় ।" কাৰ্যকৰী সভাপতিগৰাকীয়ে কংগ্ৰেছৰ গেৰাণ্টি কাৰ্ডৰ বিষয়েও উল্লেখ কৰে ।

তেওঁ পুনৰ কয় যে ৰাহুল গান্ধী কেতিয়া অসমলৈ আহিব সেই বিষয়ে দলৰ সভাপতি ভূপেন বৰাই জনাব । ইতিমধ্যে কথা বতৰা চলি আছে । গৌৰৱ গগৈৰ সমৰ্থনত ৰাহুল গান্ধীৰ যোৰহাট ভ্ৰমণ সম্পৰ্কত জাকিৰ হুছেইন শিকদাৰে এইদৰে মন্তব্য কৰে ।

ইপিনে, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কংগ্ৰেছ এটা ফুটা টিউব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জাকিৰ হুছেইন শিকদাৰে কয় যে বিজেপি দল,মুখ্যমন্ত্ৰী বা ভৱেশ কলিতাৰ দৰে শাসকীয় দলৰ লোকসকলৰ পৰা কেতিয়াও গঠনমূলক সমালোচনা আশা কৰিব নোৱাৰি ।  

ইপিনে,কংগ্ৰেছৰ ইস্তাহাৰত 'কা' প্ৰসংগই স্থান নোপোৱা বিষয়ত প্ৰশ্ন কৰাত কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ফালৰি কাটি কংগ্ৰেছৰ এই আইনৰ বিৰুদ্ধে স্থিতি দৃঢ় বুলি মন্তব্য কৰে ।

লগতে পঢ়ক:ৰাজ্যিক বিজেপিৰ মুখত বেলচা-ডাম্পাৰৰ প্ৰসংগ ! - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.