ড্ৰাগছ সেৱনকাৰীৰ জানাজাত অংশগ্ৰহণ নকৰাৰ সংকল্প ইমাম-মোল্লাৰ - Drugs Awareness Programme - DRUGS AWARENESS PROGRAMME

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 9:17 PM IST

ধুবুৰী, ১৬ ছেপ্টেম্বৰ: ড্ৰাগছ বিক্ৰেতা আৰু সেৱন কৰা লোকৰ বিৰুদ্ধে মাৰবান্ধি ওলাই আহিল ৰাইজ । ড্ৰাগছ বিক্ৰেতা আৰু সেৱনকাৰীৰ মৃত্যুৰ পিচত জানাজা বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিলে মছজিদৰ মোল্লা আৰু ইমাম সমাজে । এই বেহাত জড়িত লোকক সকীয়নি দিলে সংখ্য়ালঘু অধ্য়ুষিত অঞ্চলৰ ৰাইজে ।  

ধুবুৰীৰ বিভিন্ন অঞ্চলত নিচা জাতীয় দ্ৰব্য আৰু বাল্যবিবাহৰ বিৰুদ্ধে গাঁওৰক্ষী বাহিনী আৰু মছজিদৰ ইমাম সকলৰ যৌথ প্ৰচেষ্টাত দেওবাৰে অনুষ্ঠিত হয় এখন সজাগতা সভা । ধুবুৰীৰ গৈ বজাৰ অঞ্চলত হোৱা নিচা জাতীয় দ্ৰব্য আৰু বাল্য বিবাহৰ বিৰুদ্ধে অনুষ্ঠিত সজাগতা সভা এই বেহাত জড়িত লোকৰ বিৰুদ্ধে অভিযান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

এই সভাত উপস্থিত থাকে গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু বিভিন্ন মছজিদৰ ইমামসকল । সমাজৰ পৰা বাল্যবিবাহ, নিচা জাতীয় দ্ৰব্য আৰু নাৰী নিৰ্যাতন ৰোধ কৰাৰ এক পৰিকল্পনা কৰাৰ বাবে সভাত আলোচনা কৰা হয় । ইমাম আৰু মোল্লাসকলে পুৱা ফজৰৰ নামাজ শেষ কৰি নিচা জাতীয় দ্ৰব্য বিক্ৰী কৰা লোকৰ ঘৰত উপস্থিত হৈ বুজাবলৈ চেষ্টা কৰাৰ এক সংকল্প গ্ৰহণ কৰে ।  

লগতে পঢ়ক:এঘৰীয়া কৰিব ড্ৰাগছত জড়িত পৰিয়ালক : ৰাজহুৱা কবৰস্থানত কবৰস্থ নকৰাৰ সিদ্ধান্ত - Drugs Awareness Programme

বৰপেটা জিলা কাৰাগাৰত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা - Drugs awareness campaign

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.