ধুবুৰীত কাৰ্যালয়ত তলা ওলোমাই অসহযোগ আন্দোলন অংগনৱাড়ী কৰ্মী-সহায়িকাৰ - Protest in Dhubri
🎬 Watch Now: Feature Video


Published : Feb 22, 2024, 10:38 PM IST
ধুবুৰী, 22 ফেব্ৰুৱাৰী : প্ৰাপ্য মাননিকে ধৰি একাধিক দাবীৰে আজি ৰাজ্যজুৰি অসহযোগ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰে অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আজি ধুবুৰী জিলা অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ বিৰসিং জৰুৱা প্ৰকল্প সমিতিৰ উদ্যোগত বিৰসিং জৰুৱা প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
বিভাগীয় কাৰ্যালয়ত তলা ওলোমাই কাৰ্যালয়ৰ সন্মুখত বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷ লগতে দাবী পূৰণ নকৰালৈকে এই অসহযোগ আন্দোলনৰ কাৰ্যসূচী অব্যাহত থাকিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷ ইপিনে চৰকাৰী কাৰ্যালয়টোত তলা মাৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত কাৰ্যালয়ত কোনো এগৰাকী বিষয়া-কৰ্মচাৰীক উপস্থিত হোৱা দেখা নগ’ল ৷
লগতে পঢ়ক : ভোট বিচাৰি গ’লেই জনপ্ৰতিনিধিয়ে খাব পহুখেদা