কোচ-ৰাজবংশীৰ জনজাতি সন্দৰ্ভত অস্পষ্ট স্থিতি ফণীভূষণ চৌধুৰীৰ - Lok Sabha election 2024

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 6:54 PM IST

thumbnail

বাক্সা, ২৬ মাৰ্চ: বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে সম্প্ৰতি সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে । সমষ্টিটোৰ বৰমাৰ কঠালবাৰীৰ দৌল মহোৎসৱত মঙলবাৰে উপস্থিত হৈ ৰাইজৰ সৈতে মত-বিনিময় কৰে ফণীভূষণ চৌধুৰীয়ে । ইয়াৰ পিচতেই তেওঁৰ ভৱিষ্য়ৎ পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰে ।

ইপিনে, কোচ-ৰাজবংশীৰ জনজাতিকৰণৰ প্ৰসংগত কয়," মইতো প্ৰধানমন্ত্ৰী নহয়, মই কেনেকৈ জনজাতি কৰিম ।" কোচ ৰাজবংশীক জনজাতিকৰণৰ স্বাকৃতি পোৱাটো বিচাৰে অগপৰ বৰপেটা লোকসভাৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে । বৰপেটাত তেওঁৰ কোনো প্ৰতিদ্বন্দ্বী নাই বুলি মন্তব্য কৰি ফণীভূষণ চৌধুৰীয়ে পুনৰ এনডিএৰ চৰকাৰ হ'ব বুলি কয় । আনহাতে, নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদ সন্দৰ্ভতো মন্তব্য় কৰি ফণীভূষণ চৌধুৰীৰ কয় যে আজি-কালি ভোটাৰ ৰাইজ যথেষ্ট অভিজ্ঞ আৰু কোনো কাৰণতে এজন নিৰ্দলীয় প্ৰাৰ্থীক ভোটদান নকৰে ।

লগতে পঢ়ক:গৌৰৱ গগৈ নীলা তেজৰ মানুহ: ফণীভূষণ চৌধুৰীৰ ঘৰত ক’লে মুখ্যমন্ত্ৰীয়ে - Himanta Biswa Sarma

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.