বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ অভিযোগ - Batadrava Than Management Committee

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 6:04 PM IST

বটদ্ৰৱা,১৫ মাৰ্চ: পুনৰ বিতৰ্কত সাঙোৰ খাই পৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান পৰিচালনা সমিতি । এইবাৰ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্যৰ পৰা পদত্যাগ কৰিলে সত্ৰাধিকাৰ আৰু বিশিষ্ট শিল্পীয়ে । বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিত্তীয় খেলিমেলি, সংবিধান অৱমাননা, একাংশ সদস্যৰ স্বৈৰাচাৰী আচৰণ সহ্য কৰিব নোৱাৰি বৈষ্ণৱ পণ্ডিত তথা যোৰহাট সাউদকুচি সত্ৰৰ সত্ৰাধিকাৰ প্ৰণৱ প্ৰাণ গোস্বামী আৰু বটদ্ৰৱাৰ বিশিষ্ট সত্ৰীয়া শিল্পী তথা শ'লগুৰি সত্ৰৰ ডেকা সত্ৰীয়া ৰঞ্জিত মহন্তই পদত্যাগ কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্যৰ পৰা ।  

পদত্যাগ কৰি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিৰুদ্ধে তেওঁ ভয়ংকৰ অভিযোগ উত্থাপন কৰে । ইফালে সত্ৰীয়া সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । বুলিও অভিযোগ আছে বৰ্তমানৰ থান পৰিচালনা সমিতিৰ বিৰুদ্ধে । উল্লেখ্য যে গুৰুজনাৰ পৱিত্ৰ থানখনৰ ধন সোণকে ধৰি ভকত বৈষ্ণৱে আগবঢ়োৱা ধন লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল । তেতিয়াৰ পৰাই বিতৰ্কত সাঙোৰ খাই পৰিছিল বটদ্ৰৱা থান পৰিচলানা সমিতি । 

লগতে পঢ়ক: বটদ্ৰৱা থান পৰিচালনা সমিতিৰ দুৰ্নীতি: দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবীত স্মাৰকপত্ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.