১০৮ সেৱাৰ হেমাহিৰ বাবেই মহিলাৰ মৃত্যুৰ অভিযোগ - ALLEGATION OF MEDICAL NEGLIGENCE
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/24-10-2024/640-480-22753406-thumbnail-16x9-majuli-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 24, 2024, 7:09 PM IST
মাজুলী: ইটোৰ পিছত সিটোকৈ ঘটনা সংঘটিত হোৱাৰ পিছতো যেন শিক্ষা লোৱা নাই মাজুলীৰ স্বাস্থ্য বিভাগে । পুনৰ স্বাস্থ্য বিভাগ তথা স্বাস্থ্যকৰ্মীৰ গাফিলতিৰ বাবেই এগৰাকী মহিলাই প্ৰাণ হেৰুওৱাৰ গুৰুতৰ অভিযোগ উঠিছে । যাক লৈ মাজুলী জিলা চিকিৎসালয়ত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । ঘটনা অনুসৰি নিশা গড়মূৰৰ নিৱাসী দীপা বৰা নামৰ মহিলাগৰাকীক ভৰ্তি কৰোৱা হৈছিল গড়মূৰ জিলা চিকিৎসালয়ত । পেটৰ বিষত চটফটাই থকা দীপা বৰাক তাৎক্ষণিকভাৱে উন্নত চিকিৎসাৰ বাবে যোৰহাট বা ডিব্ৰুগড়লৈ নিয়াৰ পৰামৰ্শ দিছিল চিকিৎসকে । ওৰেটো নিশা ১০৮লৈ ফোন কৰি কোনো সঁহাৰি নাপালে পৰিয়ালৰ লোকে ।
কোনোবাই যদি ১০৮ নাই বুলি কয় কোনোবাই আকৌ ফোনেই ৰিচিভ নকৰে । পুৱা চিকিৎসালয়খনৰ পিছফালে ২ খনকৈ ১০৮ সেৱাৰ গাড়ী দেখি পৰিয়ালৰ লোকে চিকিৎসালয়ৰ গাতে লাগি থকা ১০৮ কৰ্মীৰ কক্ষৰ পৰা কৰ্মীক টোপনিৰ পৰা জগাই উঠাব লগা হয় । কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈছিল । ইতিমধ্যে শেষ নিশ্বাস ত্যাগ কৰিছিল মহিলাগৰাকীয়ে । ১০৮ সেৱাৰ চৰম গাফিলতিৰ বাবে জিলা চিকিৎসালয়খনতে ৪০ বছৰীয়া মহিলাগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে । পীতাম্বৰদেৱ জিলা চিকিৎসালয়ৰ অধীক্ষকেও স্বীকাৰ কৰিলে ১০৮ জৰুৰী সেৱাৰ গাফিলতিৰ কথা ।