হাৰমতীত দলবদ্ধ ধৰ্ষণ : বহিঃৰাজ্যৰ তিনি ট্ৰাক চালকক গ্ৰেপ্তাৰ - GANG RAPE IN HARMUTTY

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 10:55 PM IST

thumbnail
হাৰমতীত দলবদ্ধ ধৰ্ষণ : বহিঃৰাজ্যৰ তিনি ট্ৰাক চালকক গ্ৰেপ্তাৰ (ETV Bharat Assam)

লখিমপুৰ, 14 আগষ্ট : লখিমপুৰত সংঘটিত হ’ল জঘন্য ঘটনা ৷ জিলাখনৰ হাৰমতীৰ এখন ল'জত বুধবাৰে পুৱা এক দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হয় ৷

পুৱা ল'জখনত বহিঃৰাজ্যৰ তিনি ট্ৰাক চালকে এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত লালুক থানাৰ আৰক্ষীয়ে তিনি অভিযুক্ত ট্ৰাক চালকক আটক কৰে । তেওঁলোক হ’ল বিহাৰৰ চনু কুমাৰ, হাৰিয়ানাৰ অৰবিন্দ টানোৱাৰ আৰু ৰবীন চাংবান ।

অভিযুক্ত তিনিগৰাকীক সোধ-পোছ কৰি বিয়লি আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাই আৰু তেওঁলোকক পুনৰ আৰক্ষীয়ে তিনিদিনৰ জিম্মাত লয় । বহিঃৰাজ্যৰ ট্ৰাক চালকে এনেদৰে এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনা সন্দৰ্ভত লালুক থানাত ভাৰতীয় দণ্ডবিধি ৩২৯(২) /৭০(১) ধাৰাৰ অধীনত ১৩০/২৪ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে ৷ আনহাতে ভুক্তভোগী মহিলাগৰাকীক ল'জখনলৈ লৈ অনাৰ অভিযোগত আন এগৰাকী মহিলাকো আৰক্ষীয়ে আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : লখিমপুৰত সাৰি নগ’ল নাবালিকা নিৰ্যাতনকাৰী: ২৫ বছৰৰ কাৰাদণ্ডৰ ৰায়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.