মন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ - Sewerage systems in Moran

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 9:09 AM IST

মৰাণ, 10 মাৰ্চ : মৰাণত চৰকাৰী আঁচনি ৰূপায়ণত মন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰে লুন্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে । চৰাইদেউ জিলাৰ মৰাণৰ মাহমৰা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মহনৰ ঘনিষ্ঠ ঠিকাদাৰে আঁচনি ৰূপায়ণত ভয়ংকৰ অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

জানিব পৰা মতে, মৰাণ পৌৰসভাৰ অন্তৰ্গত 2 নং মৰাণ কলেজ পথৰ 500 মিটাৰ পকী নলা নিৰ্মাণৰ বাবে 65 লাখ টকা ধন আৱন্টন দিয়া হৈছিল । কামৰ ঠিকা লাভ কৰিছিল মন্ত্ৰী যোগেন মহনৰ খুলশালী জনৈক মাধৱ নামৰ লোকজনে । নলা নিৰ্মাণৰ কাম চলি থকাৰ মাজতে নিৰ্মাণ সম্পূৰ্ণ হোৱা এটা অংশত গাড়ী উঠাৰ পাচতেই ভাগি পৰে উক্ত অংশ ।

অতি ব্যস্ততাপূৰ্ণ পথটোত ইমান কম নিম্নমানৰ নিৰ্মাণ কাৰ্যক লৈ চিন্তিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । চলিত মাহত দুবাৰকৈ নলাৰ ওপৰত দিয়া পকী শ্লেপ ভাগি দুৰ্ঘটনা সংঘটিত হৈছে বুলিও স্থানীয় লোকে জনায় । ভাগি পৰা পকী শ্লেপ পুনৰ নিৰ্মাণ কৰা হ’ল যদিও নিৰ্মাণ কাৰ্যকলৈ অসন্তুষ্ট স্থানীয় ৰাইজ ।

নিম্ন মানদণ্ডৰ কাম কৰি ৰাইজৰ ধন অপচয় কৰা দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰী যোগেন মহনৰ লগতে মুখ্যমন্ত্ৰীক আহ্বান জনায় স্থানীয় ৰাইজ তথা দল-সংগঠনে ।

লগতে পঢ়ক: ৰাণা গোস্বামীক আদৰিবলৈ সাজু বিজেপি: যোগেন মহন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.