ভোট দিবলৈ আহি দুখ মনেৰে উভতিল লিকিন কুৰ্মী, নাম কৰ্তনৰ অভিযোগ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024
🎬 Watch Now: Feature Video


Published : Apr 19, 2024, 7:34 PM IST
মৰাণ, 19 এপ্ৰিল : লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে শুকুৰবাৰে ৰাজ্যৰ 5 টা সমষ্টিৰ লগতে ডিব্ৰুগড়তো অনুষ্ঠিত হ'ল ভোটগ্ৰহণ ৷ পুৱাৰে পৰা অনুষ্ঠিত হোৱা ভোটগ্ৰহণত ডিব্ৰুগড়ৰ কেইবাটাও কেন্দ্ৰত EVM বিকল হোৱাত ভোটাৰ ৰাইজৰ মাজত হাহাকাৰ লাগিছিল যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় নিৰ্বাচনী বিষয়াসকলে ৷ ইয়াৰ মাজতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত তথা সমষ্টিৰ তিলৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত 28 নং ডোমৰ দলং মজলীয়া বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত হয় এক আজৱ ঘটনা ৷
ডোমৰ দলং গাঁৱৰ নিবাসী লিকিন কুৰ্মী নামৰ ব্যক্তিগৰাকী ভোট দিবলৈ আহি দুখ মনেৰে উভতি যাব লগা হ'ল ৷ কিয়নো ভোটদানৰ নথিত ব্যক্তিজন মৃত বুলি উল্লেখ আছে ৷ ভোটাৰ তালিকাৰ পৰা জীৱিত ভোটাৰগৰাকীৰ নাম কৰ্তন কৰা হৈছে ৷ যাৰ বাবে সকলো নথি -পত্ৰ দেখুওৱাৰ পিচতো ব্যক্তিজনক ভোটদান কৰিবলৈ নিদিলে প’লিং এজেন্টে ৷ ইয়াৰ পিচতেই এতিয়া ক্ষোভিত হৈ পৰিছে ভুক্তভোগী ব্যক্তিজন ৷ ইফালে সকলো চৰকাৰী আঁচনিৰ পৰাও তেওঁ বঞ্চিত হৈ আছে বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : বাৰ্ধক্য-পক্ষাঘাত নেওচি গণতন্ত্ৰৰ মহোৎসৱত অংশগ্ৰহণ - Lok Sabha Election 2024