কা বাতিলৰ দাবীত ১২ ঘণ্টীয়া অনশন আছুৰ লগতে 30 জাতীয় জনগোষ্ঠীয় দল-সংগঠনৰ

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 2:28 PM IST

thumbnail

তিনিচুকীয়া, 10 মাৰ্চ: গৃহমন্ত্ৰী অমৃত শ্বাহে লোকসভা নিৰ্বাচনৰ পূৰ্বেই নাগৰিকত্ব সংশোধনী আইন বলৱৎ হ’ব বুলি ঘোষণা কৰাৰ পাচতেই ৰাজ্যৰ চৌদিশে পুনৰ আৰম্ভ হৈছে কা বিৰোধী আন্দোলন ৷ ইয়াৰ পাচতে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে 30 জাতীয় জনগোষ্ঠীয় দল-সংগঠনে ঘোষণা কৰিছে দীঘলীয়াকৈ কা বিৰোধী আন্দোলনৰ কাৰ্যসূচী ।

দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়াটো সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই পুৱা 6 বজাৰ পৰা নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সাব্যস্ত কৰিছে 12 ঘণ্টীয়া অনশন কাৰ্যসূচী ৷ অনশন কাৰ্যসূচী স্থলীৰ পৰাই এই জাতিধ্বংসী আইন কোনোপধ্যেই মানি লোৱা নহ’ব বুলি শাসকীয় চৰকাৰখনলৈ সকীয়নি প্ৰদান কৰিছে সংগঠনৰ নেতৃবৃন্দই ৷

সমান্তৰালভাৱে অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ প্ৰদান কৰে ৷ এই প্ৰতিবাদস্থলীত উপস্থিত আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ৷

লগতে পঢ়ক: CAA বিৰোধী আন্দোলন কৰি কোনো লাভ নাই : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.