ৰমেন বৰুৱাক ছটা দিনে বিচাৰি উলিয়াব নোৱৰাটো অসম চৰকাৰৰ চৰম ব্যর্থতা : অখিল গগৈ - AKHIL GOGOI ON RAMEN BARUAH MISSING

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 6:31 PM IST

thumbnail
বিধায়ক অখিল গগৈ (ETV Bharat Assam)

গুৱাহাটী, ২৭ জুলাই: অসমৰ এজন প্ৰখ্যাত শিল্পী, প্রথিতযশা সংগীত পৰিচালক ৰমেন বৰুৱাৰ সন্ধান ছটা দিনে উলিয়াব নোৱৰাটো অসম চৰকাৰৰ চৰম ব্যর্থতা ৷ এই মন্তব্য বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ । অখিল গগৈয়ে ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আজি তেওঁৰ ঘৰত উপস্থিত হৈ পৰিয়ালবৰ্গৰ সৈতে কিছু আলোচনাত মিলিত হয় ।

লগতে পঢ়ক: হঠাৎ কোনো সন্ধান নোহোৱা হ’ল বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ - Ramen Baruah missing

ৰমেন বৰুৱাৰ পৰিয়ালক সাক্ষাৎ কৰাৰ পিচতে অখিল গগৈয়ে সংবাদমাধ্যমৰ আগত কয়, "অসমৰ সাংস্কৃতিক জগতখন ৰমেন বৰুৱাক বাদ দি হ'ব নোৱাৰে । ৬ দিন ধৰি ৰমেন বৰুৱাৰ সন্ধান উলিয়াব নোৱৰাটো দুৰ্ভাগ্যজনক । চৰকাৰে ৰমেন বৰুৱা যদি নদীত হেৰাইছে বা অন্য ক'ৰবাত ঘূৰি আছিল বিচাৰি উলিয়াটো উচিত আছিল । এয়া চৰকাৰৰ অসমৰ্থতা আৰু গৃহ বিভাগৰ ব্যৰ্থতা ।" 

অখিল গগৈয়ে লগতে কয়, "মুখ্যমন্ত্ৰীয়ে নিয়তিৰ পৰিহাস বুলি কৈছে যদিও সেয়া মই নাভাবো । শিল্পীৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা থাকে । ৰমেন বৰুৱাক কিমানখিনি আৰ্থিকভাৱে সহায় কৰিলে । মুখ্যমন্ত্ৰীয়ে পৰিয়ালটোৰ ওচৰলৈ আহিব লাগে, তেওঁ নিজে বৰুৱা সন্ধানহীন হোৱা স্থান পৰিদৰ্শন কৰিব লাগে আৰু দেওবাৰৰ ভিতৰত ৰমেন বৰুৱাৰ সন্ধান উলিয়াব লাগে বুলি এছ ডি আৰ এফক নিৰ্দেশ দিব লাগে।"

লগতে পঢ়ক: নিয়তিৰ পৰিহাসক আমি স্বীকাৰ কৰিব লাগিব : ৰমেন বৰুৱা সন্ধানহীন প্ৰসংগত মুখ্যমন্ত্ৰী - Ramen Baruah missing

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.