কা খাৰিজ হ’ব বুলি আশাবাদী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ - AJYCP on CAA notification

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 6:42 AM IST

যোৰহাট, 16 মাৰ্চ: শুকুৰবাৰে 'কা' সন্দৰ্ভত  শীৰ্ষ আদালতত মৌখিক শুনানি গ্ৰহণ কৰাৰ পিচত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমায়ে । উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বাতিলৰ দাবী জনাই অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, সদৌ অসম ছাত্ৰ সন্থাৰ লগতে দেশৰ ৰাজ্যৰ কেবাটাও দল-সংগঠনে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ৷ 

চাংমায়ে কয়, "19 মাৰ্চত 'কা' সন্দৰ্ভত প্ৰায় চূড়ান্ত শুনানি আৰম্ভ হ'ব ৷ আমি আশা কৰিছো ন্যায়ালয়ে জাতিধ্বংসী কা বিধি প্ৰয়োগৰ নিৰ্দেশনা বাতিল কৰিব অৰ্থাৎ কা খাৰিজ কৰিব ।" 

তাৎপৰ্যপূৰ্ণ যে অসমীয়া ভাষা-সংস্কৃতি ৰক্ষা আৰু অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ দাবীত ত্ৰিশটাকৈ জাতীয় সংগঠনৰ লগতে সমগ্ৰ অসমবাসীয়ে ঐক্যবদ্ধভাবে নাগৰিকত্ব সংশোধনী আইন ৰাজ্যখনত জাপি নিদিবলৈ আৰু কা বাতিল কৰিবলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে 11 মাৰ্চত সমগ্ৰ দেশৰ লগতে অসমটো কা বিধি বলৱৎ কৰিছিল ৷ ইয়াৰ পিচতে বিভিন্ন দল-সংগঠন তথা অসমবাসীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিষয়টো সন্দৰ্ভত শীৰ্ষ আদালতৰ দ্বাৰস্থ হৈছিল । 

লগতে পঢ়ক: CAA-ৰ বিৰুদ্ধে ২০০ৰো অধিক আবেদন, শুনানিৰ বাবে সন্মত উচ্চতম ন্যায়ালয়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.