thumbnail

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 2:23 PM IST

ETV Bharat / Videos

NHPC বান্ধ সম্পূৰ্ণৰূপে ভাঙি দিয়াৰ দাবী জাতীয়তাবাদী যুৱ পৰিষদৰ - AJYCP on NHPC dam

ধেমাজি, 26 জুন: পুনৰ বিপৰ্যয়ৰ সন্মুখীন বহু বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পথলী ৷ বহু বিতৰ্কিত 2000 মেগাৱট ক্ষমতাসম্পন্ন গেৰুকামুখস্থিত প্ৰকল্পথলীত সোৱণশিৰি নদীৰ খৰস্ৰোতা পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি নিৰ্মীয়মাণ প্ৰকল্পটোৰ পাৱাৰ হাউচত পানী প্ৰৱেশ কৰাত বিভিন্ন অংশৰ ক্ষতি কৰাৰ আশংকা প্ৰৱল কৰি তুলিছে ৷

ইপিনে, অসম-অৰুণাচল সীমান্তৱৰ্তী ধেমাজি জিলাৰ গেৰুকামুখস্থিত পাহাৰত ইতিমধ্যে কাম সমাপ্তিৰ দিশে আগবঢ়া এই বৃহৎ নদী বান্ধটোৰ বিৰুদ্ধে আৰম্ভণি পৰাই ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে বিশেষজ্ঞসকলে বিৰোধিতা জনাই আহিছে ৷

পাহাৰত এনে বান্ধৰ নিৰ্মাণৰ ফলত নামনিবাসীৰ জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিব বুলি উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰক ইয়াৰ নিৰ্মাণ বন্ধ কৰিবলৈ দাবী জনাই আহিছিল যদিও জনতাৰ প্ৰতিবাদক হেলাৰঙে আওকাণ কৰি নিৰ্মাণকাৰ্য অব্যাহত থাকিল বান্ধটোৰ ৷ যিয়ে সম্প্ৰতি প্ৰতি মুহূৰ্ততে অনাকাংক্ষিত ভৱিষ্যতৰ আশংকাত ভোগাইছে সৰ্বসাধাৰণক ৷

প্ৰকল্পথলীত মঙলবাৰে ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পিছত বুধবাৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়াই কয়, বিগত কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পাৱাৰ হাউচত পানী প্ৰৱেশ কৰি বিভিন্ন অংশৰ ক্ষতি কৰিলে ৷ প্ৰতি বছৰেই বাৰিষাৰ সময়ত বিপৰ্যয়ে দেখা দিয়ে বান্ধটোত ৷

এনেধৰণৰ বান্ধ জনসাধাৰণৰ বাবে মুঠেও উপযোগী নহয়, গতিকে এই বান্ধটো সম্পূৰ্ণৰূপে ভাঙি পেলাব লাগে ৷ বান্ধটোৰ পানীৰ সোঁতৰ প্ৰকোপত নামনিবাসীয়ে উজাগৰী নিশা কটোৱাবলৈ বাধ্য কৰিছে ৷

লগতে পঢ়ক:  এন এইচ পি চিৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ - Protest against NHPC Big Dam

ভৱিষ্যতে মহাসাগৰত পৰিণত হ’ব নে কি অসম ?

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প এটা জলবোমা : কৃষক মুক্তি সংগ্ৰাম সমিতি - Labour died in NHPC big dam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.