অনন্ত-ৰাধিকাৰ বিয়াত স্বামীৰ পৰিয়ালৰ সৈতে নাহিল ঐশ্বৰ্য - Bollywood stars at ambani wedding

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 4:45 PM IST

thumbnail
স্বামীৰ পৰিয়ালৰ সৈতে নাহিল ঐশ্বৰ্য (ANI)

চিটাৰা ডেস্ক, 13 জুলাই : ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চনৰ বৈবাহিক জীৱনত সমস্যাৰ উদ্ভৱ হৈছে বুলি দীৰ্ঘদিন ধৰি জল্পনা-কল্পনা চলি আছে । যদিও এই উৰাবাতৰিবোৰ শেহতীয়াকৈ শান্ত হৈ গৈছিল, কিন্তু ১২ জুলাইত মুম্বাইত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ অনুষ্ঠানত বচ্চন পৰিয়ালৰ সৈতে ঐশ্বৰ্যক একেলগে নেদেখাৰ ফলত পুনৰ চৰ্চালৈ আহিছে অভিষেক-ঐশ্বৰ্যৰ সম্পৰ্কৰ কথা ৷ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াত সমগ্ৰ বচ্চন পৰিয়ালে ফটোৰ বাবে পাপাৰাজ্জীৰ সন্মুখত প’জ দিয়ে ৷ এজন এজনকৈ সদস্যসকল সোমাই আহোতে সকলোৱে ঐশ্বৰ্যও সোমাই আহিব বুলি আশাৰে ৰৈ আছিল কিন্তু ঐশ্বৰ্য নাহিল ৷ বৰঞ্চ কন্যা আৰাধ্যৰ লগত পৃথকে দেখা ঐশ্বৰ্যক ৷ সকলোৱে পৰম্পৰাগত ভাৰতীয় পোছাকত নিজৰ সৌন্দৰ্য ফুটাই তোলে ৷

নেটিজেনে ঐশ্বৰ্য আৰু অভিষেকৰ সম্পৰ্কৰ বিষয়ে অনুমান কৰি থকাৰ সময়তে অনন্ত-ৰাধিকাৰ বিয়াৰ এটা ভাইৰেল ভিডিঅ'ই ঐশ্বৰ্য আৰু চিৰসেউজ ডিভা ৰেখাৰ মাজৰ এক স্পষ্ট মুহূৰ্ত দেখুৱাইছে, যিয়ে ছ'চিয়েল মিডিয়াত নেটিজেনৰ মনত অধিক কৌতূহল সৃষ্টি কৰিছে । তেওঁলোকৰ সম্পৰ্কক লৈ চলি থকা জল্পনা-কল্পনাৰ পিচতো ঐশ্বৰ্য আৰু অভিষেক দুয়োজনেই এই বিষয়ত কোনো মন্তব্য দিয়া নাই । ২০০৭ চনৰ ২০ এপ্ৰিলত দুয়ো আৱদ্ধ হৈছিল বিবাহপাশত । ২০১১ চনৰ ১৬ নৱেম্বৰত তেওঁলোকে আৰাধ্যাক আদৰণি জনায় ।

লগতে পঢ়ক : নৱ-বিবাহিত অনন্ত-ৰাধিকাক আশীৰ্বাদ দিবলৈ মুম্বাইত উপস্থিত কামাখ্যা মন্দিৰৰ দলৈ - Anant Ambani Weds Radhika Merchant

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.