দ্বিতীয়বাৰলৈ কেন্দ্ৰীয় মন্ত্ৰী হৈ অসমত উপস্থিত সোণোৱাল; আদৰিবলৈ নাহিল বিজেপিৰ কোনো মন্ত্ৰী-বিধায়ক - Sarbananda Sonowal - SARBANANDA SONOWAL
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14-06-2024/640-480-21714061-thumbnail-16x9-mirza.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jun 14, 2024, 10:28 PM IST
মিৰ্জা, 14 জুন : দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পিচত অসমত উপস্থিত হ’ল ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দ্বিতীয়বাৰৰ বাবে কেবিনেটত স্থান লাভ কৰি গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷ শুকুৰবাৰে দিল্লীৰ পৰা আহি বিয়লি বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
বৰঝাৰ বিমান বন্দৰৰ ভিতৰতে সৰ্বানন্দ সোণোৱালক আদৰণি জনায় গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াসহ একাংশ বিজেপি নেতাই ৷ গুৱাহাটীত উপস্থিত হৈ সোণোৱালে কয় যে, দেশক বিশ্বৰ ভিতৰতে তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তুলিব প্ৰধানমন্ত্ৰী মোদীয়ে ৷ লগতে বিজেপিৰ এঘাৰগৰাকী সাংসদে অসমৰ হৈ একেলগে লোকসভাৰ মজিয়াত মাত মাতিব বুলিও মন্তব্য কৰে তেওঁ ৷ আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী, বিজেপি ৰাজ্যিক সভাপতিসহ অসমবাসীক ধন্যবাদ জনায় সৰ্বানন্দ সোণোৱালে ৷ উল্লেখ্য যে, বিমান বন্দৰত সৰ্বানন্দ সোণোৱালক আনুষ্ঠানিকভাৱে আদৰিবলৈ বিজেপিৰ কোনো মন্ত্ৰী-বিধায়ক তথা দলীয় বিশেষ নেতাক উপস্থিত থকা পৰিলক্ষিত নহ’ল ৷
লগতে পঢ়ক : আবেগিক হৈ বিধায়ক পদ ত্যাগ কৰিলে নৱনিৰ্বাচিত সাংসদ পৰিমল শুক্লবৈদ্যই - MP PARIMAL SUKLABAIDYA