thumbnail

বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল মন্ত্ৰী পত্নী আইমী বৰুৱা

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 8:47 AM IST

মৰিগাঁও, 20 মাৰ্চ: সমাগত লোকসভা নিৰ্বাচন ৷ নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ মঙলবাৰে নিশা জাগীৰোডৰ বহু অঞ্চলত প্ৰচাৰ অভিযানত নামিল মন্ত্ৰী পীযুষ হাজৰীকাৰ পত্নী তথা জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা । 

নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি বৰাই কয়, "সংখ্যালঘু ৰাইজ বিজেপিৰ লগত থাকিব বিচাৰে । তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'সব কা সাথ সব কা বিকাশ' নীতি গ্ৰহণ কৰিছে । মোদীয়ে দেশখনৰ এনেদৰে উন্নয়ন সাধন কৰিছে যে এই উন্নয়নৰ অংশীদাৰ হৈছে সংখ্যালঘু ৰাইজ । সকলোৱে বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰিছে ৷" 

বৰাই মঙলবাৰে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত দিনজোৰা কাৰ্যসূচীৰে প্ৰচাৰ চলায় । জাগীৰোড সমষ্টিৰ মায়ং, ঝাৰগাঁও, বুঢ়াবুঢ়ী আদি অঞ্চলত প্ৰচাৰ চলোৱাৰ সময়ত বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাক সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাৰ পত্নী আইমী বৰুৱাই ।

লগতে পঢ়ক: নগাঁৱত চলিছে নেকি প্ৰদ্যুৎ বৰদলৈক একাষৰীয়া কৰাৰ ষড়যন্ত্ৰ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.