বিলাসী বাহনত দুই যুৱক আহিছিল ছাগলী চুৰি কৰিবলৈ; পিছে ৰাইজৰ মৰমত আৰক্ষীৰ বাহনতহে গ’ল ৰঙাঘৰলৈ - Animal Smuggling in Nagaon

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 7:18 AM IST

thumbnail
ছাগলী চোৰ আটক (ETV Bharat Assam)

চামগুৰি, 6 জুন : ‘‘চুৰ বিদ্যা উত্তম বিদ্যা, কিন্তু ধৰা পৰিলেহে হয় শিলৰ খুন্দা ৷’’ অসমীয়া সমাজত প্ৰচলিত এই আপ্তবাক্য শাৰী আখৰে আখৰে ফলিয়াইছে দুই যুৱকৰ ক্ষেত্ৰত ৷ অভিযোগ অনুসৰি বিলাসী বাহনত উঠি গৰু-ছাগলী চুৰি কৰিবলৈ আহিছিল 4 যুৱক ৷ কিন্তু বিপদৰ উমান পাই পলাই পত্ৰং দিলে দুই অভিযুক্ত চোৰে ৷ পিছে দশা বেয়া আছিল আন দুই যুৱকৰ ৷ ৰাইজৰ হাতত পৰি ঔকিল পৰিল অভিযুক্ত দুই ধৃত চোৰৰ পিঠিত ৷

আচলতে আমি উল্লেখ কৰিবলৈ লৈছো বুধবাৰে বিয়লি নগাঁও জিলাৰ চামগুৰিৰ অন্তৰ্গত বৰদলৰ মালিবস্তিত সংঘটিত হোৱা এটা ঘটনাৰ বিষয়ে ৷ স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, চামগুৰিৰ ননৈ গুফা মন্দিৰৰ সমীপত এখন ইণ্ডিকা বাহনত আহিছিল চাৰিটা গভাইত চোৰ ৷ এই অভিযুক্ত চোৰকেইটাই তিনিটা ছাগলী চুৰি কৰাৰ চেষ্টা কৰিছিল ৷ যাৰ সন্দেহত স্থানীয় ৰাইজে জ্বলাই দিয়ে বাহনখন ৷

লগতে পশুধন চুৰি কৰাৰ সন্দেহত দুজন লোকক ৰাইজে কৰায়ত্ত কৰি উত্তম মাধ্যম দিয়ে ৷ ঘটনাক কেন্দ্ৰ কৰি উক্ত স্থানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ইফালে এই বিষয়ে জানিব পাৰি ঘটনাস্থলীত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া আৰু চামগুৰি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । লগতে ৰাইজৰ প্ৰহাৰত আহত হোৱা ধৃত দুই যুৱকক আৰক্ষীয়ে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে । জানিব পৰা মতে, ধৃত দুই যুৱককেইটাৰ ঘৰ চামগুৰিৰ বৰমাত ৷

উল্লেখ্য যে, পূৰ্বেও এই অঞ্চলটোত দিনে নিশাই পশুধন চুৰি হোৱাৰ ঘটনা পোহৰলৈ আহিছিল । ফলত ক্ষোভিত হৈ আছিল স্থানীয় ৰাইজ ৷ স্থানীয় ৰাইজৰ এই ক্ষোভৰ যেন বৰ্হিঃ প্ৰকাশ ঘটিল বুধবাৰে । কিন্তু এই পশুধন চুৰি ঘটনাৰ বিষয়টো আৰক্ষীয়ে কেনেদৰে গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হে হ’ব লক্ষণীয় ।

লগতে পঢ়ক : সত্ৰাধিকাৰৰ তৎপৰতাত জব্দ চোৰাং গৰুসহ বিলাসী বাহন - Cow smuggling in Dibrugarh

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.