ধিঙৰ ধৰ্ষণকাণ্ডৰ ভুক্তভোগী ছাত্ৰীৰ অধ্য়য়নৰ দায়িত্ব ল'লে আছুই - Dhing rape case - DHING RAPE CASE
🎬 Watch Now: Feature Video
Published : Aug 24, 2024, 10:41 PM IST
মৰিগাঁও, ২৪ আগষ্ট : ধিঙৰ যৌন নিৰ্যাতনৰ বলি হোৱা দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ ঘৰত শনিবাৰে উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ সভাপতি উৎপল শৰ্মাৰ নেতৃত্ব এটি প্ৰতিনিধি দল । আৰ্থিকভাৱে দুৰ্বল ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃৰ সৈতে হোৱা আলোচনা মৰ্মে ভুক্তভোগীৰ পঢ়া-শুনাৰ সমস্ত দায়িত্ব লয় সদৌ অসম ছাত্ৰ সন্থাই । শনিবাৰে সন্ধিয়া মৰিগাঁৱত এই বিষয়ে সদৰী কৰে আছুৰ সভাপতি উৎপল শৰ্মাই ।
আছুৰ সভাপতিয়ে এই সন্দৰ্ভত কয়, "ধিঙৰ দুৰ্ভগীয়া ভগ্নীগৰাকীৰ ন্যায়ৰ দাবীত ৰাজ্যৰ বিভিন্ন অঞ্চলত ছাত্ৰ সন্থাৰ কৰ্মী, স্থানীয় দল-সংগঠন,আবাল-বৃদ্ধ বনিতাই প্ৰতিবাদ জনাইছে । আমিও একেটা দাবীৰে ৰাইজৰ লগত সহযোগিতা আগবঢ়াইছো আৰু দুৰ্ভগীয়া ভগ্নীগৰাকীৰ পৰিয়ালৰ লোকৰ সৈতে আলোচনা কৰি তেওঁ যিমান উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচাৰে সেই দায়িত্ব সদৌ অসম ছাত্ৰ সন্থাই বহন কৰাৰ সিদ্ধান্ত কৰিছো ।"
লগতে ছাত্ৰনেতাগৰাকীয়ে কয়, "এতিয়াও দুটাকৈ নৰপিশাচ ধৰা পৰা নাই । অতি শীঘ্ৰে চিনাক্ত কৰি কঠোৰৰ পৰা কঠোতম শাস্তি দাবী জনাইছো ।"