যোৰহাট পৌৰসভাৰ বিৰুদ্ধে প্ৰতিবাদত নামিল আছু - AASU protest

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 10:50 PM IST

thumbnail
যোৰহাট পৌৰসভাৰ বিৰুদ্ধে প্ৰতিবাদত নামিল আছু (ETV Bharat Assam)

যোৰহাট, 3 ছেপ্টেম্বৰ: বিজেপি শাসনাধিষ্ঠ যোৰহাট পৌৰসভাৰ কামকাজক লৈ ক্ষুব্ধ যোৰহাটৰ কৰদাতা ৰাইজ ৷ যোৰহাট পৌৰসভাই যোৰহাটবাসী ৰাইজৰ প্ৰতি চৰম অন্যায় কৰাৰ অভিযোগৰ লগতে বিজ্ঞানসন্মতভাৱে জাৱৰ নিষ্কাশন আৰু নগৰখনৰ সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত চৰম বিফলতাৰ পৰিচয় দিয়াৰো অভিযোগ উঠিছে । ফলত মঙলবাৰে যোৰহাট জিলা আঞ্চলিক ছাত্র সন্থাই পৌৰসভা কাৰ্যালয়ৰ সন্মুখত পৌৰসভাৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি যোৰহাট জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক অৰ্জুনমণি ভূঞাই কয় যে উপযুক্তভাৱে যোৰহাট পৌৰসভাই নলা-নৰ্দমা নিষ্কাশন নকৰাৰ ফলত এজাক বৰষুণতেই কৃত্ৰিম বানত ককবকাই থাকিব লগীয়া হৈছে ৰাইজে ৷ বৰ্তমান সময়ত যোৰহাট পৌৰসভাই নগৰখনক সুন্দৰ ৰূপত উপস্থাপন কৰাত ব্যৰ্থ হৈছে, কিন্তু তাৰ বিপৰীতে কৰদাতা ৰাইজৰ পৰা বুজন পৰিমাণৰ কৰ সংগ্ৰহ কৰি আহিছে বুলিও তেওঁ কয় । 

লগতে পঢ়ক: মৰিগাঁৱত এল পি জি চিলিণ্ডাৰৰ অবৈধ বেহা মেলিছে কোনে ? - Illegal LPG cylinder

বহিৰাগত কোম্পানীৰ দ্বাৰা অৱহেলিত অসমীয়া ভাষা, আটছাৰ তীব্ৰ প্ৰতিবাদ - ATSA protest in Jorhat

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.