কৃত্ৰিম বানৰ স্থায়ী সমাধান বিচাৰি ৰুক্মিণীগাঁৱত আপৰ প্ৰতিবাদ - Guwahati Flash Flood

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 10:50 PM IST

thumbnail
ৰুক্মিণীগাঁৱত আপৰ প্ৰতিবাদ (ETV Bharat Assam)

গুৱাহাটী,৬ আগষ্ট: মঙলবাৰৰ দিনটোতো অপৰিৱৰ্তিত হৈ আছে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান । মহানগৰীৰ হাতীগাঁও, সিজুবাৰী, ৰাজগড়, অনিল নগৰ, নবীন নগৰৰ লগতে ৰুক্মিণীগাঁৱৰ বিভিন্ন অঞ্চল এতিয়াও আছে পানীৰ তলত ৷ যাৰ পৰিপ্ৰেক্ষিতত জলমগ্ন ৰুক্মিণীগাঁৱৰ আৱাসীসকলে এতিয়া নানা সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে । সোমবাৰৰে পৰা ৰান্ধিব পৰা নাই, খাব পৰা নাই খাদ্য । চৰকাৰৰ ফালৰ পৰা বিস্কুট, পানী আৰু মমবাতিৰ যোগান ধৰা হৈছে যদিও বৰ্তমানেও কোনো খাদ্য সামগ্ৰী যোগান ধৰা নাই বুলি স্থানীয় লোকসকলে জানিবলৈ দিয়ে ।  

ইফালে জলমগ্ন ৰুক্মিণীগাঁৱত কৃত্ৰিম বানৰ সমস্যা সমাধান বাবে আপ অসমে সাব্যস্ত কৰে প্ৰতিবাদ । বি জে পি গ' বেক, হিমন্ত বিশ্ব শৰ্মা হায় হায়, অশোক সিংহল হায় হায়, কৃত্ৰিম বান ৰোধ কৰিব নোৱাৰা অশোক সিংহলে পদত্যাগ কৰক আদি শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে । লগতে SDRF ৰ নাৱৰ জড়িয়তে ৰুক্মিণীগাঁৱৰ বানপীড়িত বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে । উল্লেখ্য যে, সোমবাৰে আবেলি অহা এজাক ধাৰাসাৰ বৰষুণে মহানগৰীত সাগৰসদৃশ পৰিৱেশৰ সৃষ্টি কৰিছিল । ইয়াৰ লগে লগে জীৱন-জীৱিকাৰ তাড়নাত বজাৰ-সমাৰ, কর্মক্ষেত্ৰত থকা হেজাৰ হেজাৰ লোক হৈ পৰিছিল জলবন্দী । 

লগতে পঢ়ক: অশোক সিংহলৰ প্ৰতীকী শৱদেহ সাঙীত লৈ আছুৰ ব্যতিক্ৰমী প্ৰতিবাদ - Guwahati Flash Flood

নীতি-নিয়ম ভাঙি দিছপুৰৰ লোকসেৱা ভৱনত বিজেপি বিধায়িনী দলৰ বৈঠক কেনেকৈ ? - Opposition Leader Debabrata Saikia

আজিও জলমগ্ন মহানগৰী গুৱাহাটী : কৃত্ৰিম বানৰ স্থায়ী সমাধান বিচাৰি ৰুক্মিণীনগৰত ৰাইজৰ প্ৰতিবাদ - GUWAHATI ARTIFICIAL FLOODS

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.