যোৰহাটত ৩২ কেজি ওজনৰ প্ৰকাণ্ড অজগৰ উদ্ধাৰ - python recovered in Jorhat

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 8:15 PM IST

thumbnail
যোৰহাটত ৩২ কেজি ওজনৰ প্ৰকাণ্ড অজগৰ উদ্ধাৰ (ETV Bharat Assam)

যোৰহাট, ১০ ছেপ্টেম্বৰ : যোৰহাটৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত টীয়ক ৰাজৈত উদ্ধাৰ ৩২ কেজি ওজনৰ অতিকায় অজগৰ । এটা ছাগলী ভক্ষণ কৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে যোৰহাটৰ সৰ্পবন্ধু পাৰ্থ হাজৰিকাক । ৰাজৈৰ নামঘৰৰ পৰা অজগৰডাল বন বিভাগৰ সহযোগত উদ্ধাৰ কৰে সৰ্পবন্ধু পাৰ্থ হাজৰিকাই ।

পৰৱৰ্তী সময়ত অজগৰডাল যোৰহাট আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ অনা হয় । স্বাস্থ্য পৰীক্ষাৰ অন্তত অজগৰডাল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অথবা মৰিয়নীৰ গিবন অভয়াৰণ্যত এৰি দিয়া হ'ব বুলি জানিবলৈ দিয়ে বন বিষয়া ৰূপক ভূঞাই ।

উল্লেখ্য যে যোৰহাটৰ সৰ্পবন্ধু পাৰ্থ হাজৰিকাই বিলুপ্তপ্ৰায় আৰু বিভিন্ন প্ৰজাতিৰ সাপ ধৰি জিলা বন বিভাগৰ কাৰ্যালয়ত চমজাই দি আহিছে । লগতে বিভিন্ন সময়ত নিজেই বনাঞ্চলত এৰি দি প্ৰকৃতিপ্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে । ৬ ছেপ্টেম্বৰতো সৰ্পবন্ধু পাৰ্থ হাজৰিকাই তিতাবৰৰ চেঁচা সত্ৰ ননৈ গাঁৱৰ এজন ব্যক্তিৰ ফুলনিবাৰীৰ পৰা বিলুপ্তপ্ৰায় হালধীয়া বৰণৰ ছেলেজাৰ পিট ভাইপাৰ নামৰ বিষাক্ত সাপ এডাল উদ্ধাৰ কৰি যোৰহাট বন বিভাগক গতাই দিছিল । এই বিৰল প্ৰজাতিৰ ছেলেজাৰ পিট ভাইপাৰ সাপবিধ বিশেষকৈ চাহ বাগিচা অঞ্চলত পোৱা যায় ।

লগতে পঢ়ক :তিতাবৰত বিলুপ্তপ্ৰায় ছেলেজাৰ পিট ভাইপাৰ সাপ উদ্ধাৰ - Salazar Pit Viper Snake
লগতে পঢ়ক :সৰ্পবন্ধু প্ৰসন্নদ্বীপ বৰদলৈয়ে উদ্ধাৰ কৰিলে প্ৰকাণ্ড অজগৰ - Rescue Of Pythons At Golaghat

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.