দাপোন দ্য মিৰ’ৰ উদ্যোগত খৰ্বকায়সকলৰ মৌলিক নাটক প্ৰদৰ্শন - artist pabitra rabha

By ETV Bharat Entertainment Team

Published : May 20, 2024, 1:55 PM IST

thumbnail
পবিত্ৰ ৰাভাৰ ভাষ্য (etv bharat assam)

ওদালগুৰি, ২০ মে’: নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক তথা নাট্য পৰিচালক, অভিনেতা পবিত্ৰ ৰাভাই সমাজৰ অৱহেলিত খৰ্বকায় লোকসকলক এক সুকীয়া পৰিচয় দিয়াৰ লক্ষ্য বান্ধি লৈছে ৷ সেই উদ্দেশ্যৰেই তেওঁ আৰম্ভ কৰে দাপোণ দ্যা মিৰ’ৰ ৷

ওদালগুৰি জিলাৰ টংলাৰ নিকটৱৰ্তী জলাহ-নভঙাত গঢ়ি তোলা দাপোণ দ্যা মিৰ’ৰ জৰিয়তে ২৫ দিনীয়া নাট কৰ্মশালাৰ আয়োজন কৰা হৈছিল ৷ দেওবাৰে সামৰণি পৰে এই নাট কৰ্মশালাৰ ৷ খৰ্বকায় লোকৰ বসতি অঞ্চলত আমেৰিকাৰ বিশিষ্ট নাট্য নিৰ্দেশক-পৰিচালক ডেনিয়েল এ কেলিন টুৱে ২৫ দিনীয়া প্ৰশিক্ষণ প্ৰদান কৰে ৷

দেওবাৰে অভিনেতা আৰু পৰিচালকৰ দ্বাৰা পৰিকল্পিত তিনিখন মৌলিক নাটক ক্ৰমে শূন্য দূৰত্বৰ ছবি, মৰমৰ চম্পা আৰু সাহস প্ৰদৰ্শন কৰা হয় ৰআিজৰ আগত ৷ খৰ্বকায় নাট্যশিল্পীসকলে নাট প্ৰদৰ্শন কৰি দৰ্শক ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয় ৷ এই মৌলিক নাট প্ৰদৰ্শনত দাপোন দ্যা মিৰ’ৰ সঞ্চালক পবিত্ৰ ৰাভা, সংগীত ব্যৱস্থাপক দীপু ৰাভা আদিয়ে সহায়-সহযোগিতা আগবঢ়ায় ৷

লগতে পঢ়ক : নৃত্যশিল্পী বিপুল চন্দ্ৰ দাসলৈ মহানগৰীৰ নৰ্তন কলা নিকেতনৰ বিশেষ সন্মান - Anand Mohan Bhagwati Award 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.