আঠাই সাগৰত কোনে এৰি গ’ল বংশী গোপালৰ সোণালী মূৰ্তি ? - Lord Krishna idol recover - LORD KRISHNA IDOL RECOVER
🎬 Watch Now: Feature Video


Published : Jun 18, 2024, 3:40 PM IST
শিৱসাগৰ, 18 জুন: শিৱসাগৰ ৰুদ্ৰসাগৰৰ আঠাই সাগৰ বৰনামঘৰৰ সমীপত উদ্ধাৰ হোৱা এটি মূৰ্তিক লৈ চাঞ্চল্য । অচিনাক্ত লোকে এখন চিঠি, চাৰিযোৰ তামোল-পাণসহ এৰি থৈ গ'ল ভগৱান কৃষ্ণৰ সোণালী মূৰ্তি । গামোচাৰে মেৰিয়াই এৰি থৈ গৈছিল প্ৰায় ৭-৮ ইঞ্চিৰ উচ্চতাৰ মূৰ্তিটো । চিঠিখনত মূৰ্টিটো সোণৰ বুলি দাবী কৰিছে এৰি থৈ যোৱা অচিনাক্ত ব্যক্তি বিশেষে ।
চিঠিখনত উল্লেখ কৰা অনুসৰি, যিজন ব্যক্তিয়ে এই মূৰ্তিটো থৈ গৈছে, তেওঁৰ ককাকৰ দিনৰ পৰাই মূৰ্তিটো তেওঁলোকৰ ঘৰত আছিল ৷ মূৰ্তিটো ঘৰত ৰখা বাবেই অচিনাক্ত ব্যক্তিজনৰ পত্নীৰ চাৰি বছৰত চাৰিটা মৃত সন্তান জন্ম হৈছিল । মূৰ্তিটো ঘৰৰ পৰা আঁতৰাই নতুনকৈ স্থাপন কৰিবলগীয়া সত্ৰত চমজাই দিলেই সন্তান বাচি থাকিব বুলি সপোন দেখিছিল ব্যক্তিজনে ৷ পঞ্চম সন্তানটি জীৱিত অৱস্থাত জন্ম হোৱাত অচিনাক্ত ব্যক্তিজনে এৰি থৈ গ'ল মূৰ্তিটো ।
লগতে পঢ়ক: দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী বিৰুদ্ধে অভিযান অব্যাহত থাকিব: মুখ্যমন্ত্ৰী - Ranger Iqbal Ahmed
অনাগত দিনত মৃত সন্তানকেইটিৰ সোঁৱৰণত ব্যক্তিজনে দহ লাখ টকা নাম উল্লেখ নকৰাকৈয়ে দি যাব বুলিও উল্লেখ আছে চিঠিখনত । এই খবৰ লাভ কৰি আৰক্ষীয়ে মূৰ্তিটো আনিব বিচাৰিছিল যদিও ৰাইজে বৰ্তমানলৈকে চমজাই দিয়া নাই আৰক্ষীক । প্ৰকৃততে মূৰ্তিটো সোণৰ হয় নে নহয় পৰীক্ষা কৰাৰ পিচতহে সিদ্ধান্ত ল'ব ৰাইজে ।
লগতে পঢ়ক: আৰক্ষীৰ অভিযানত সোণ, নগদ ধনসহ আটক তিনি সৰবৰাহকাৰী - Smugglers Arrested