দুৰ্বল কাঠৰ দলঙৰ পৰা পৰি স্কুটীসহ যুৱতী সন্ধানহীন - GIRL GOES MISSING IN RIVER

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 8:11 PM IST

thumbnail
আলহীৰ ঘৰলৈ অহা যুৱতী সন্ধানহীন (ETV Bharat Assam)

চিৰাং, 11 জুলাই: চিৰাঙৰ কাকৰাগাঁৱৰ ৰাভাপাৰাত ভয়ংকৰ দুৰ্ঘটনা ৷ ৰাভাপাৰাৰ কুঁজীয়া নৈৰ ওপৰত থকা দুৰ্বল কাঠৰ দলঙৰ পৰা পৰি স্কুটীসহ নিখোঁজ এগৰাকী যুৱতী ৷ যুৱতীগৰাকীৰ লগত থকা এটি শিশু আহত অৱস্থাত উদ্ধাৰ ৷ এই ঘটনা সংঘটিত হোৱাৰ পিচতে ঘটনাস্থলীত আৰক্ষী আৰু এছ ডি আৰ এফ উপস্থিত হৈ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷ নিখোঁজ হোৱা যুৱতীগৰাকী তেজপুৰৰ ঢেকিয়াজুলিৰ জুনমণি ৰাভা(18) বুলি জানিব পৰা গৈছে ৷ আনহাতে, ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা শিশুটি দুবছৰীয়া বিদিশা ৰাভা বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, জুনমণি নামৰ যুৱতীগৰাকীয়ে বায়েকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল ৷ ইতিমধ্যে আহত শিশুটিক জিলাখনৰ বিদ্যাপুৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱাই প্ৰদান কৰা হৈছে চিকিৎসা ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত পৰিছে শোকৰ ছাঁ ৷ ঘটনাটো সংঘটিত হোৱাৰ পিচত ঘটনাস্থলীত চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰশ্মি শৰ্মা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ বৰ্তমানলৈকে যুৱতীগৰাকীৰ কোনো সন্ধান লাভ কৰা নাই উদ্ধাৰকাৰী দলটোৱে ৷

লগতে পঢ়ক: হৃদয়বিদাৰক ! উঁৱলি যোৱা অৱস্থাত নৰ্দমাত ওলাল অবিনাশৰ মৃতদেহ - Minor boy drowns in drain

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.