ৰে’লে মহতিয়াই নিলে মালবাহী অটো - ৰে’ল দুৰ্ঘটনা
🎬 Watch Now: Feature Video
Published : Feb 16, 2024, 3:28 PM IST
ডিব্ৰুগড়, 16 ফেব্ৰুৱাৰী : শুকুৰবাৰে চাবুৱাত সংঘটিত হয় এটা ভয়ংকৰ পথ দুৰ্ঘটনা ৷ চাবুৱাৰ বালিজান চাইডিঙত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ৷ ৰে’ল এখনে মহতিয়াই নিয়ে এখন মালবাহী অটো ৷
প্ৰাপ্ত খবৰ অনুসৰি, অৱধ আসাম ৰে’লে মহতিয়াই নিলে মালবাহী অটো এখন ৷ ৰে’লৰ চেপাত ক্ৰচিঙতে বাগৰি পৰে মালবাহী অটোখন ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, কথমপি প্ৰাণ ৰক্ষা পৰে অটোচালক আৰু হেণ্ডিমেনৰ । উন্মুক্ত বালিজান চাইডিঙত ৰেল ক্ৰচিং পাৰ হ’বলৈ চেষ্টা কৰাৰ ফলতেই AS23 AC 2056 নম্বৰৰ অটোখনক অৱধ আসাম ৰে’লখনে মহতিয়াই নিয়ে । দুৰ্ঘটনাৰ পাচতে বহু সময় ধৰি ৰে’ল পথ বন্ধ হৈ পৰে । ইতিমধ্যে ৰে’ল আৰক্ষী উপস্থিত হৈ ৰে’ল লাইনৰ পৰা দুৰ্ঘটনাগ্ৰস্ত অটোখন আঁতৰাই পথ মুকলি কৰিছে ।
লগতে পঢ়ক : ডাম্পাৰৰ খুন্দাত নগাঁৱত নিহত ভগ্নী, আহত ভাতৃ