মোমায়েকৰ ঘৰলৈ আহি সলিল সমাধি ১৩ বছৰীয়া বনজিতৰ - Tragic incident

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 9:10 PM IST

thumbnail
মোমায়েকৰ ঘৰলৈ আহি সলিল সমাধি ১৩ বছৰীয়া শিশুৰ (ETV Bharat Assam)

মঙলদৈ, ২২ জুলাই : গৰমৰ বন্ধ কটাবলৈ মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল । কিন্তু মোমায়েকৰ ঘৰৰ পৰা যে ১৩ বছৰীয়া বনজিতৰ নিথৰ দেহ চাংসাৰিৰ ঘৰলৈ যাবলগা হ'ব সেয়া কল্পনাৰো অতীত আছিল ।

চাংসাৰিৰ কনক ডেকা আৰু ঊষাৰাণী নাথৰ পুত্ৰ তথা সপ্তম শ্ৰেণীৰ ছাত্ৰ বনজিৎ ডেকা নামৰ ১৩ বছৰীয়া শিশুটি ছিপাঝাৰৰ গৰুখুঁটিৰ মোমায়েকৰ ঘৰলৈ গৰমৰ বন্ধ বুলি ফুৰিবলৈ আহিছিল । মোমোয়েকৰ ঘৰত এগৰাকী সমনীয়া বন্ধুৰ সৈতে কুহতলি বিলত গৰু আনিবলৈ গৈছিল বনজিৎ । কিন্তু গৰু খেদি আনি থাকোঁতে হঠাৎ দ কুঁৰত পৰি যায় বনজিৎ । লগে লগে বন্ধুজনে তেওঁক উদ্ধাৰ কৰিবলৈ বহু চেষ্টা কৰে । কিন্তু তাত সফল হ'ব নোৱাৰিলে ।

ফলত বন্ধুজনে গৈ স্থানীয় লোকক খবৰ দিয়াত তেওঁলোকো আহি বনজিতক উদ্ধাৰৰ চেষ্টা কৰে যদিও উদ্ধাৰ কৰিবলৈ অসফল হয় । ইয়াৰ পিচত এছ ডি আৰ এফ বাহিনীক খবৰ দিয়া হয় । এছ ডি আৰ এফৰ লোক আহি কিছু সময়ৰ অভিযানৰ পিচতে বনজিতৰ মৃতদেহটো উদ্ধাৰ কৰে ।

এগৰাকী ১৩ বছৰীয়া শিশুৰ আকস্মিক মৃত্যুৰ হৃদয় বিদাৰক ঘটনাটোৱে এতিয়া সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ।

লগতে পঢ়ক :ঘৰৰ চোতালৰ পানীত ডুবি মৃত্যু 9 মহীয়া শিশুৰ - Assam Flood 2024
লগতে পঢ়ক :বানে প্ৰাণ ল'লে শিশুৰ, বাঢ়নী পানীত অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.