Republic Day 2024: গণৰাজ্য দিৱস পেৰেড LIVE

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 11:45 AM IST

Updated : Jan 26, 2024, 12:55 PM IST

thumbnail

আজি ভাৰতে ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিছে । এই বিশেষ উপলক্ষে ৰাজধানীত প্ৰতি বছৰে আয়োজন কৰা গণৰাজ্য দিৱসৰ পেৰেড চাবলৈ দূৰ দূৰনিৰ পৰা মানুহ আহিছে ৷ য’ত বিভিন্ন ৰাজ্যৰ পট প্ৰদৰ্শন কৰা হয় । এইবাৰ মুখ্য অতিথি হিচাপে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ইমানুৱেল মেক্ৰনে। কৰ্তব্য পথত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বিষয়বস্তু হৈছে নাৰীকেন্দ্ৰিক - ‘উন্নত ভাৰত’ আৰু ‘ভাৰত - গণতন্ত্ৰৰ মাতৃ’ । প্ৰতিৰক্ষা সচিব গিৰিধৰ অৰ্মানে পুনৰ কয় যে ‘ভাৰত গণতন্ত্ৰৰ প্ৰকৃত মাতৃ’ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত অনুসৰি এই বিষয়বস্তু বাছনি কৰা হৈছে । এই বিশেষ দিনটোতে কেন্দ্ৰীয় চৰকাৰে টাইৱানৰ শীৰ্ষ প্ৰযুক্তি প্ৰতিষ্ঠান ফক্সকনৰ মুখ্য কাৰ্যবাহী বিষয়া ইয়ং লিউক পদ্মভূষণ সন্মানেৰে সন্মানিত কৰে । চীনলৈ এক বাৰ্তা প্ৰেৰণ কৰি ভাৰতে প্ৰথমবাৰৰ বাবে টাইৱানৰ এগৰাকী ব্যক্তিক সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰে । ফক্সকন হৈছে বিশ্বৰ সৰ্ববৃহৎ ইলেক্ট্ৰনিক্স নিৰ্মাতা আৰু টাইৱানৰ বাহিৰত অৱস্থিত এক আগশাৰীৰ গোলকীয় বিজ্ঞান আৰু প্ৰযুক্তি সমাধান প্ৰদানকাৰী । চীন আৰু টাইবানৰ মাজত বিবাদ চলি থকাৰ মাজতে ভাৰতৰ এই পদক্ষেপে বিশ্বজুৰি চৰ্চাৰ সৃষ্টি কৰিছে ।

Last Updated : Jan 26, 2024, 12:55 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.