৪৬ বছৰীয়া যুৱকৰ যৌন নিৰ্যাতন ৫ বছৰীয়া শিশুক - Sexual harassment Cases

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 2:01 PM IST

thumbnail
৪৬ বছৰীয়া যুৱকৰ যৌন নিৰ্যাতন ৫ বছৰীয়া শিশুক (ETV Bharat Assam)

তিনিচুকীয়া,২৪ আগষ্ট: ৰাজ্যজুৰি ধিং কাণ্ডই জোকাৰি যোৱাৰ সময়তে তিনিচুকীয়াটো সংঘটিত হৈছে ৫ বছৰীয়া শিশুক যৌন নিৰ্যাতন চলোৱাৰ ঘটনা । তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে সদৰী কৰা অনুসৰি, শুকুৰবাৰে সন্ধিয়া বাণিজ্যিক চহৰ তিনিচুকীয়াৰ সমীপৱৰ্তী এক অঞ্চলত সংঘটিত হয় এগৰাকী ৫ বছৰীয়া শিশুক যৌন নিৰ্যাতন চলোৱাৰ ঘটনা । ঘটনাৰ সন্দৰ্ভত অৱগত হোৱাৰ লগে লগে ততাতৈয়াকৈ তিনিচুকীয়াৰ আৰক্ষী উপস্থিত হৈ বুজ লয় পৰিস্থিতিৰ । পৰৱৰ্তী সময়ত তিনিচুকীয়া সদৰ আৰক্ষী থানাত ২৯৪/২৪ নম্বৰত এক গোচৰ ৰুজু কৰি ৪৬ বছৰীয়া অভিযুক্ত জোন হালৈৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে ।  

আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ত আত্মগোপন কৰি থকাৰ অৱস্থাত কাকপথাৰ চেলেংগুৰিৰ জোন হালৈক নিশা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । উক্ত ঘটনাৰ সন্দৰ্ভত আৰক্ষী অধীক্ষকগৰাকীয়ে ১০ দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিবলৈ সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে । অভিযোগ অনুসৰি জোন হালৈ নামৰ অভিযুক্তগৰাকী কাকপথাৰ চেলেংগুৰিৰ যদিও তিনিচুকীয়া চহৰৰ সমীপৱৰ্তী এক অঞ্চলত মাংস কটা ব্যৱসায়ৰ সৈতে জড়িত আছিল । মাংস কটা ব্যৱসায়ীটোৱে কণমানিজনীক চকলেট দিয়াৰ প্ৰলোভন দি যৌন নিৰ্যাতনৰ অপচেষ্টা চলায় । তেনে সময়তে কিশোৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰি এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে । ফলত কাষৰীয়া লোকে উদ্ধাৰ কৰে কিশোৰীগৰাকীক ।

লগতে পঢ়ক: আৰক্ষীৰ হাতৰ পৰা পলাবলৈ পুখুৰীত জাঁপ; ধিং-কাণ্ডৰ মূল অভিযুক্তৰ সলিল সমাধি - Dhing rape case

জানাজা নিদিয়ে, ৰাজহুৱা কবৰস্থানতো ঠাই নিদিয়ে; ধিং-কাণ্ডৰ অভিযুক্তৰ ওপৰত গাঁওবাসীৰ কঠোৰ সিদ্ধান্ত - Dhing rape case

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.