thumbnail

শ্ৰীশ্ৰী গৰখীয়া গোসাঁই থানত সেৱা ল'লে পদযাত্ৰাৰে তীৰ্থ ভ্ৰমণলৈ ওলোৱা তিনি যুৱক-যুৱতীয়ে - A pilgrimage on foot

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 11:45 AM IST

বৰপেটাৰোড, ১৪ জুন : উত্তৰ অসমৰ লখিমপুৰৰ পৰা দুই যুৱক-যুৱতীয়ে বৃন্দাবন, কেদাৰনাথ, বদ্ৰীনাথ আৰু নেপাললৈ খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰি উপস্থিত হয় বৰপেটাৰোডত । দুয়োৰে পদযাত্ৰাৰ সহযাত্ৰী হয় নলবাৰীৰ পংকজ ডেকা । বিগত ২৪ দিন পূৰ্বে লখিমপুৰৰ পৰা এই পদযাত্ৰা আৰম্ভ কৰি তিনি যুৱক-যুৱতী বৃহস্পতিবাৰে আহি উপস্থিত হয় সৰভোগৰ ঐতিহাসিক মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁই থানত ৷

পদযাত্ৰাৰে তীৰ্থস্থান ভ্ৰমণ কৰিবলৈ ওলোৱা তিনি যুৱক-যুৱতী ক্ৰমে লখিমপুৰৰ ঘিলামাৰাৰ জিণ্টু বৰুৱা, ধেমাজি গোগামুখৰ দিপীকা চুতীয়া আৰু নলবাৰীৰ পংকজ ডেকা ৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে খোজকাঢ়ি আহি সৰভোগৰ গৰখীয়া গোসাঁই থানত প্ৰভুৰ চৰণত সেৱা লৈ পুনৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে তেওলোকৰ তীৰ্থ যাত্ৰা আৰম্ভ কৰে ৷

সৰভোগৰ গৰখীয়া গোসাঁই থানখনৰ কথা বহু দিনৰে পৰাই শুনি আহিছিল যদিও থানখনলৈ আহিব পৰা নাছিল । সেয়ে তীৰ্থ ভ্ৰমণ কৰিবলৈ যোৱাৰ সময়ত ঐতিহাসিক সৰভোগৰ এই থানত সেৱা ল'বলৈ পাই যুৱক-যুৱতী তিনিগৰাকীয়ে নিজকে সৌভাগ্যৱান হিচাপে অনুভৱ কৰা বুলিও জানিবলৈ দিয়ে ।

লগতে পঢ়ক: প্ৰদূষণ ৰোধৰ বাৰ্তা বিলাই ভাতৃ-ভগ্নীৰ পদযাত্ৰা - Foot March Across India

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.