৪৮ ঘন্টাৰ বাবে অ’ এন জি চিৰ উৎপাদন বন্ধৰ আহ্বান 15 টা সংগঠনৰ - Protest against ONGC

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 10:00 PM IST

thumbnail
অ’ এন জি চিৰ উৎপাদন বন্ধৰ আহ্বান 15 টা সংগঠনৰ (ETV Bharat Assam)

শিৱসাগৰ, 23 জুন : অ’ এন জি চিয়ে অসম বিদ্বেষী নীতি অৱলম্বনৰ অভিযোগেৰে কোম্পানীটোৰ বিৰুদ্ধে স্থিতি লৈছে শিৱসাগৰৰ ১৫ টা জাতীয় জনগোষ্ঠীয় সংগঠনে ৷ এই সন্দৰ্ভত দেওবাৰে এক সংবাদমেল সম্বোধন কৰে সংগঠনকেইটাই ৷

আটাছু, জাতীয় সংগ্ৰামী সেনা, যৌথ সংগ্ৰামী মঞ্চ, অসমীয়া যুৱ মঞ্চসহ ১৫ টা জাতীয় জনগোষ্ঠীয় সংগঠনে সংবাদমেল সম্বোধন কৰে অ’ এন জি চিৰ কাৰ্যকলাপৰ বিৰুদ্ধে । উক্ত সংবাদমেলৰ জৰিয়তে সংগঠনকেইটাই ঘোষণা কৰে যে ২৫ আৰু ২৬ জুনত অ’ এন জি চিৰ তৈল খনন, উৎপাদন কাৰ্য ৪৮ ঘন্টাৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ’ব ৷ অ' এন জি চিৰ কেবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ কাৰ্যালয় শিৱসাগৰ জিলাৰ পৰা বহিঃৰাজ্যলৈ স্থানান্তৰ কৰা, অসমত অ’ এন জি চিৰ কৰ্মচাৰীৰ সংখ্যা ১২ হেজাৰ পৰা ৩ হেজাৰলৈ হ্ৰাস কৰাৰ বিৰোধিতা কৰি উক্ত কাৰ্যসূচী ৰূপায়ন কৰিব বুলি সংবাদমেলত সদৰী কৰে সংগঠনকেইটাই ।

ইপিনে অ’ এন জি চিৰ চি আৰ চিৰ পুঁজিৰ দ্বাৰা স্থাপন কৰা ছ্যু-কা-ফা হাস্পতালত বেচৰকাৰী নাৰ্ছিং হোম বিলাকতকৈ ৰোগীৰ পৰা অধিক মাচুল সংগ্ৰহ কৰা কাৰ্যৰো তীব্ৰ বিৰোধিতা কৰিছে সংগঠনকেইটাই । ইয়াৰ উপৰিও অ’ এন জি চিৰ সৰু-বৰ নিবিদাসমূহ থলুৱা ঠিকাদাৰক নিদি বহিৰাগত প্ৰতিষ্ঠানসমূহক দিয়া কাৰ্যৰো তীব্ৰ বিৰোধিতা জাতীয় জনগোষ্ঠীয় সংগঠনকেইটাৰ ৷

লগতে পঢ়ক: আমগুৰিত তেল আৰু প্ৰাকৃতিক গেছ নিগম আয়োগৰ বিৰুদ্ধে প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.